ভাৰতৰ বৃহৎ কূটনৈতিক জয়


ভাৰতৰ বৃহৎ কূটনৈতিক জয়

মাছুদ আজাহাৰৰ নাম বিশ্ব সন্ত্ৰাসবাদীৰ তালিকাত অন্তৰ্ভুক্ত কৰে ৰাষ্ট্ৰসংঘই।
পূৰ্বতে চীন আৰু পাকিস্তানৰ বিৰোধিতাৰ বাবে আজাহাৰৰ নাম এই তালিকাত অন্তৰ্ভুক্ত কৰিব পৰা নাছিল ৰাষ্ট্ৰসংঘই।
পাকিস্তানে ইতিমধ্যে আজাহাৰৰ নাম বিশ্ব সন্ত্ৰাসবাদীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ সপক্ষে মত প্ৰদান কৰিছে।
চীনেও পূৰ্বৰ স্থিতিৰ পৰা আতৰি আহি সহমত পোষন কৰিছে ৰাষ্ট্ৰসংঘৰ সৈতে।
ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতৰ এয়া বৃহৎ জয়।
১৯৯৯চনত ইণ্ডিয়ান এয়াৰলাইন্সৰ যাত্ৰীবাহী বিমান অপহৰণৰ সৈতে নাম জড়িত হৈ আছিল আজাহাৰৰ।
আজাহাৰক মুকলি কৰিবলৈ অপহৰণ কৰিছিল এই যাত্ৰীবাহী বিমানখন।
জেইছ-ই-মহম্মদৰ প্ৰতিষ্ঠাপক মাছুদ আজাহাৰ।
পাকিস্তানত থাকি ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আহিছিল আজাহাৰে।
পঞ্জাৱৰ বাহলপুৰত জন্ম হৈছিল মাছুদ আজাহাৰৰ।
১৯৯৪চনত হৰ্কত-উল-আনছাৰ সাধাৰণ সম্পাদক ৰূপে দায়িত্ব লৈছিল মাছুদে।
১৯৯৪চনৰ ফেব্ৰুৱাৰীত কাশ্মীৰৰ অনন্তনাগৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আজাহাৰক।
কান্দাহাৰ বিমান অপহৰণ কাণ্ডৰ বিনিময়ত কাৰাগাৰৰপৰা মুক্তি লাভ কৰা মাছুদে আশ্ৰয় লৈ আছে বৰ্তমান পাকিস্তানত।
২০০১চনত সংসদভৱনৰ আক্ৰমণৰ আঁৰতো আছিল মাছুদ আজাহাৰ।
২০১৬ৰ পাঠানকোটৰ আক্ৰমণৰ মাষ্টাৰ মাইণ্ড আছিল এই সন্ত্ৰাসবাদী।
২০১৯ৰ পুলৱামাৰ চিআৰপিএফৰ বাহনত চলোৱা আক্ৰমণো সংঘটিত কৰিছিল জেইছ-ই-মহম্মদে।
পূৰ্বতে আমেৰিকাই মাছুদক বিশ্ব সন্ত্ৰাসবাদী ৰূপে ঘোষণা কৰিবলৈ সহমত পোষন কৰিছিল ভাৰতৰ সৈতে।
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে প্ৰস্তুত কৰা এই তালিকাত মাছুদৰ নাম অন্তৰ্ভুক্তিত বাধা দিছিল চীনে।

1/Post a Comment/Comments

  1. Slotomania Casino – Review and Ratings - 나비효과
    The website is full of games like roulette, blackjack, slots, 온라인 카지노 poker, 더킹카지노 slots, and septcasino many others. The game itself is easy to play with friends, 제왕 카지노 and you can 룰렛 전략

    ReplyDelete

Post a Comment

Stay Conneted

Boxed Version