হোজাইত দলবদ্ধ ধৰ্ষণ। পাছ নৰপিশাচে এগৰাকী যুৱতীক কৰিছিল দলৱদ্ধ ধৰ্ষণ

হোজাইত দলবদ্ধ ধৰ্ষণ। পাছ নৰপিশাচে এগৰাকী যুৱতীক  কৰিছিল দলৱদ্ধ ধৰ্ষণ  

হোজাই ডবকাৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ আন এজন অন্যতম ধৰ্ষণকাৰীক ডবকা আৰক্ষীয়ে বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰে ৷ ধৃত ধৰ্ষণকাৰীটোৰ নাম আব্দুল মতিন ৷ যোৱানিশা এক গোপন তথ্যৰ ভিত্তিত ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিলোৎপল ভূঞাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে হোজাই ৰেলগেটৰ সমীপত অভিযান চলাই ধৰ্ষণকাৰীটোক গ্ৰেপ্তাৰ কৰে ৷ দুদিন পূৰ্বে অসম নাগালেণ্ড সীমান্তত থকা ধনশিৰিৰ পৰা আব্দুল আলিম নামৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল।


উল্লেখ্য যে হোজাই জিলাৰ ডবকাৰ দীঘলজাৰুনী গাৱত যোৱা ২৩ মাৰ্চত গোলাপ হুছেইন, দিলুৱাৰ হুছেইন, শ্বহিদ আহমেদ, আব্দুল আলিম আৰু আব্দুল মতিন নামৰ পাছ নৰপিশাচে এগৰাকী যুৱতীক  কৰিছিল দলৱদ্ধ ধৰ্ষণ  ৷ ইমানতে ক্ষান্ত নাথাকি নৰপিশাচকেইটাই মোবাইল ফোনত ৰেকৰ্ডিং কৰি সেই ভিডিঅ যোৱা ২৪ এপ্ৰিলত ছচিয়েল মিডিয়াত ভাইৰেল কৰিছিল ৷ সেইদিনাখনেই যুৱতী গৰাকীয়ে ডবকা থানাত এজাহাৰ দাখিল কৰিছিল ৷ ডবকা আৰক্ষীয়ে ১১৭/১৯ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি সেইদিনাই গোলাপ হুছেইন, দিলোৱাৰ হুছেইন, শ্বহীদ আহমেদ ৷ ইয়াৰ পাছত ধৃত অভিযুক্ত কেইটাক ডবকা আৰক্ষীয়ে চৰজমীন তদন্ত কৰোতে স্থানীয় দণ্ডাধীশৰ আগত সিহতে অকপট স্বীকাৰোক্তি প্ৰদানো কৰিছিল ৷

0/Post a Comment/Comments

Stay Conneted

Boxed Version