কাল ধুমুহা ‘ফণী’ৰ বাবে ওড়িশাৰ অসম যাত্ৰী নিবাসত আবদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী।
ওড়িশাৰ অসম যাত্ৰী নিবাসত আবদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী। আজি ১২ বজাৰ ভিতৰত কোঠা খালী কৰিবলৈ নিৰ্দেশ। ঘূৰ্ণি বতাহ ‘ফণী’ৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। ওড়িশাত আবদ্ধ হৈ আছে অসমৰ বহুকেইগৰাকী তীৰ্থযাত্ৰী। ৪ মে’ত অসমলৈ উভতি অহাৰ কথা আছিল তীৰ্থযাত্ৰীৰ দলটো।
ইপিনে, কাল ধুমুহা ‘ফণী’ৰ বাবে কেইবাখনো ৰে’লৰ চলাচল বাতিল। শিলচৰ-তিৰুৱন্তপুৰম চেন্ট্রেল এক্সপ্ৰেছ, গুৱাহাটী-ছেকুণ্ডৰাবাদ এক্সপ্ৰেছ, আৰু তাম্বৰম-ডিব্ৰুগড় এক্সপ্ৰেছ, ছেকুণ্ডৰাবাদ-গুৱাহাটী এক্সপ্ৰেছ আৰু ডিব্ৰুগড়-তাম্বৰম এক্সপ্ৰেছৰ যাত্ৰা বাতিল কৰা হৈছে। ২ মে’ত যাত্ৰা কৰাৰ কথা আছিল ৰে’লকেইখনৰ। ৫ মে’ত চলিবলগা ছেকুণ্ডৰাবাদ-গুৱাহাটী এক্সপ্ৰেছ আৰু ডিব্ৰুগড়-তাম্বৰম এক্সপ্ৰেছ বাতিলৰো সিদ্ধান্ত গ্ৰহণ। ৭ মে’ত যাত্ৰা কৰিবলগীয়া তিৰুৱন্তপুৰম চেন্ট্রেল-শিলচৰ এক্সপ্ৰেছৰ যাত্ৰাও বাতিল।

Post a Comment