মাজনিশা সাৰ পায়েই বিচনাৰ কাষত যি দেখিলে তাক লৈ ভয়ত বিতত হ'ল মহিলা
গণমত.ইন অনলাইন ডেক্স | ৬ মার্চ , ২০১৯,:প্রথমে মহিলাগৰাকীয়ে ভাবিছিল সপোনত এনেকুৱা হৈছে। কিন্তু বিছনাৰ পৰা উঠি টৰ্চ মাৰি চাই কাষত যি দেখিলে যি তাক দেখি বুকু কপি উঠিল।
এখন সর্বভাৰতীয় সংবাদমাধ্যমত প্রকাশিত প্রতিবেদন অনুযায়ী, ঘটনাটো হ'ল থাইলেণ্ডৰ। বছৰ ৭৫ বয়সীয়া এজনী মহিলাই ৰাতি বিষত সাৰ পাই উঠে।আৰু টৰ্চ জ্বলাই চাই কাষত এডাল সাপ আবিস্কাৰ কৰে।
ভিডিঅ'টো চাওক —
চিচিটিভি ফুটেজত দেখা গৈছে , মহিলা গৰাকী শুই পিছত ঘৰৰ ভিতৰত সাপ এডাল সোমাই আহে । ভৰিখন বিচনাৰ পৰা তলত নামি থকা কাৰণে সাপডালে তাত কামোৰে।বিষ অনুভৱ কৰি মহিলাগৰাকীয়ে টৰ্চ জ্বলাই চোৱাতহে সম্পূৰ্ণ কথাটো বুজি পায়
জনামতে ,এই ঘটনাৰ পিছত এই মহিলাগৰাকীয়ে বাকী সদস্যকলক ঘটনাটো জনায়। তাৰ পিছতে সাপডালে বাথৰুমত লুকায় ।
পিছত স্থানীয় বন বিভাগৰ কর্মীসকলে আহি সেই সাপডালক উদ্ধাৰ কৰি বনাঞ্চলত এৰি দিয়ে ।


ভয়ংকৰ
ReplyDeletePost a Comment