ৰাহুল গান্ধীৰ 'মাষ্টাৰষ্ট্ৰোক':ক্ষমতালৈ আহিলে দৰিদ্ৰক বছৰি ৭২ হাজাৰ টকা প্ৰদানৰ প্ৰতিশ্ৰুতি
গণমত অসম ডিজিটেল সংবাদ: লোকসভা নির্বাচনৰ পূৰ্বে ৰাহুল গান্ধীৰ 'মাষ্টাৰষ্ট্ৰোক'। দৰিদ্ৰৰ বাবে 'নূন্যতম আয়'ৰ প্রতিশ্রুতি প্ৰদান কৰিলে কংগ্রেছ সভাপতি ৰাহুল গান্ধীয়ে।আজি দিল্লীত এখন সংবাদমেলত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে কয় যে যদি কংগ্ৰেছ ক্ষমতালৈ আহে, দেশৰ ২৫ কোটি দৰিদ্ৰ লোকৰ প্ৰত্যেককে বছৰি ৭২ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব।দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বেংক একাউন্টত এই ধন প্ৰদান কৰা হ'ব। 'ন্যায় যোজনা' নাম দিয়া হৈছে আঁচনিখনৰ । ভাৰতৰ ৫ কোটি দৰিদ্ৰ পৰিয়াল অথবা দেশৰ ২০ শতাংশ জনসংখ্যা এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব বুলি জনাইছে ৰাহুল গান্ধীয়ে।


Ekdm fal2 Rahul Gandhi manuhk atmonirvorkhil koribo Lage daridra luke poisa nije ghotibo paribo
ReplyDeletePost a Comment