নগাভূমিত NSCN(IM)ৰ সৈতে আলোচনাত মিলিত হ’ল ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী আৰ এন ৰবি।
প্ৰথমবাৰৰ বাবে নগাভূমিত NSCN(IM)ৰ সৈতে আলোচনাত মিলিত হ’ল ভাৰত চৰকাৰৰ দ্বাৰা নিয়োজিত মধ্যস্থতাকাৰী আৰ এন ৰবি। ডিমাপুৰৰ চুমুকেডিমাত থকা আৰক্ষী অতিথিশালাত আৰম্ভ হৈছে NSCN(IM) আৰু আৰ এন ৰবিৰ বৈঠক। আজি ৩ বজাত ডিমাপুৰ বিমানবন্দৰত উপস্থিত হোৱা ৰবিক বিমানবন্দৰত আদৰণি জনায় বিদ্ৰোহী সংগঠনটোৰ জ্যেষ্ঠ নেতা ভি এছ আটেম আৰু আৰ এইচ ৰাইজিঙে। ইয়াৰ পিছতে চুমুকেডিমাৰ আৰক্ষী অতিথিশালাত ৪.৪০ বজাৰ পৰা আৰম্ভ হয় বৈঠক। বৈঠকত NSCN(IM)ৰ হৈ উপস্থিত থাকে সাধাৰণ সম্পাদক থুইংগালেং মুইভা, কলেক্টিভ লীডাৰশ্বীপ ক্ৰমে ভি এছ আটেম, এ পুনে, কিউ চি শ্ব’, এ কে লুংগেলাং, কে কে আংগামী, টি টি আমং, এম লং কুমাৰ, জেঠ ইউথে, আৰ এছ ৰাইজিং, আছিহ’ আছৌমি, ক্ৰাইব’ ছ’ৱাং, এম ডিনিয়েল লোথা আৰু আপা মুইভা। পৃথক পতাকা আৰু সংবিধানক লৈ সৃষ্টি হোৱা জটিলতা সন্দৰ্ভত বিতংভাৱে আলোচনা হয় এই বৈঠকত।
Post a Comment