৭০ সংগঠনত ভাঙোন
৭০ সংগঠনৰ সংগ এৰিলে ‘যুঁজাৰু দ্য ফাইটাৰ্ছ’ নামৰ সংগঠনটোৱে।এখন পত্ৰৰ জৰিয়তে সংগঠনটোৱে জনালে এই কথা।৭০ সংগঠনৰ প্ৰতিনিধিলৈ প্ৰেৰণ কৰা এখন পত্ৰৰ জৰিয়তে সাধাৰণ সম্পাদিকা জুলি চক্ৰৱৰ্তীয়ে জনাই এই কথা।পত্ৰখনত উল্লেখ কৰে, ‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে একগোট হৈ আন্দোলন কৰি সফল হ’লো। তাৰ বাবে প্ৰত্যেকেই ধন্যবাদৰ পাত্ৰ।’
‘আমাৰ সংগঠনৰ নিজা নীতি আৰু কাৰ্যসূচী আছে। সেয়েহে আমি ৭০ সংগঠনৰ পৰা উলাই অহাৰ সিদ্ধান্ত লৈছো।’আহ্বায়কক ৭০ৰ পৰিবৰ্তে এতিয়াৰ পৰা ৬৯টা সংগঠন বুলি ক’বলৈও পত্ৰখনত আহ্বান জনায় সংগঠনটোৱে।উল্লেখ্য যে, শুকুৰবাৰে লোকসভা নিৰ্বাচনত ভোট কাক দিব সেই সম্পৰ্কত ৭০ সংগঠনৰ আহ্বায়ক কৃষক নেতা অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰিছিল।সংবাদমেলৰ পিছতে এই সিদ্ধান্ত ৰাজহুৱা কৰে ‘যুঁজাৰু দ্য ফাইটাৰ্ছ’ নামৰ সংগঠনটোৱে।


Post a Comment