কামাখ্যাত পুৱাই নাহৰ ফুটুকী বাঘৰ সন্ত্ৰাস
ডিজিটেল সংবাদ গণমত অসম ২৬ মাৰ্চ ২০১৯:-
কামাখ্যাত পুৱাই সংঘটিত হয় নাহৰ ফুটুকী বাঘৰ সন্ত্ৰাস। নাহৰফুটুকী বাঘৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হয় ৩ জন লোক। জানিব পৰা মতে সংকু শৰ্মা নামৰ ব্যক্তি এজনৰ ষ্টৰ ৰুমত সোমাই আছিল ৰাতি বাঘ তো। ৰাতি পোৱা সংকু শৰ্মাৰ ভগ্নী ষ্টৰ ৰুমত প্ৰৱেশ কৰিব খোজাৰ সময়ত কৰে আক্ৰমণ। আৰু ভগ্নীক ৰক্ষা কৰিব গৈ আক্ৰমণৰ বলি হয় সংকু শৰ্মা। তাৰ পিছত কামাখ্যা মন্দিৰ কৰ্মচাৰী ক্ষীতিশ শৰ্মাৰ বাস গৃহত প্ৰৱেশ কৰি আক্ৰমণ কৰে তাৰ পত্নীক। পিছত স্থানীয় লোকলে অতি কৌশলেৰে বাস গৃহৰ ভিতৰত আবদ্ধ কৰিব সক্ষম হয়।


Post a Comment