বনৰ ৰজা সিংহই মাংস এৰি খালে চকলেট
গণমত অসম নিউজ ডেস্ক :বনৰ ৰজা সিংহ মাংসহাৰী জন্তু। মাংসৰ বাহিৰে সিংহই একো নাখায়। কিন্তু এইবাৰ ঘটিল ওলোটা ঘটনা । বনৰ ৰজাই চিকাৰ নকৰি খাবলৈ ধৰিলে চকলেট!
আচলতে এইটো আচল সিংহ নহয়। সিংহৰ বেশভূষাত এজন ব্যক্তি। অষ্টেলিয়াৰ ভিক্টোৰিয়া পুলিচে CCTV CAMERA ত ধৰা পৰিছে সিংহৰ পোছাকত আৰু লগতে জোপোৰা চুলিৰ এজন মানুহে দোকান এখনৰ পৰা ইলেক্ট্ৰনিক বস্তুৰ লগতে চকলেট চুৰি কৰিছে।
চিচিটিভি ফুটেজত দেখা গৈছে , সিংহৰ পোছাক পিন্ধা এজন মানুহে নেজ জোকাৰি জোকাৰি দোকানত সোমাই আহিছে।
কিছুসময় পিছতেই ক'লা ৰঙৰ জেকেট পৰিহিত অন্য এটা চোৰৰ প্ৰৱেশ ঘটে। ইলেকট্রনিক সৰঞ্জাম লৈ যোৱাৰ লগতে ফ্ৰিজত থকা চকলেটো লৈ উধাও হয়। সম্প্রতি ভিডিঅটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছে ।
অষ্টেলিয়াৰ ভিক্টোৰিয়া পুলিচে জানিবলৈ দিয়া মতে , চোৰদুজনে এটা APPLE I PHONE 8, চাৰিটাকৈ MICROSOFT COMPUTER , এটা হেয়াৰ ষ্টেইটনাৰ , ১টা CANNON CAMERA আৰু লগতে চকলেট কিছুমান চুৰি কৰিছে।
চোৰ বনৰাজ সিংহৰ সন্ধান অব্যাহত আছে। টুইটাৰত এই ফুটেজ পোষ্ট হোৱাৰ লগে লগে বিশ্বজুৰি ভাইৰেল হৈ যায় এই CCTV ভিডিঅ' ফুটেজ ।
ইয়াত ক্লিক কৰি আপুনিও NEWS পোষ্ট কৰক


Hehe mozaaaaa
ReplyDeleteHingho buli vbisilu real ke
ReplyDeletePost a Comment