অসমৰ জনপ্ৰিয় অভিনেতা পৰাগ শৰ্মা আৰু আমাৰ মাজত নাই।

rajtilak thertre actor parag sarma

অসমৰ জনপ্ৰিয় অভিনেতা পৰাগ শৰ্মা আৰু আমাৰ মাজত নাই।

গনমত অসম খবৰ ৮ মাৰ্চ ২০১৯:

সাংস্কৃতিক তথা ভ্ৰাম্যমাণ জগতখনৰ বাবে এক অপুৰণীয় ক্ষতি। অসমৰ জনপ্ৰিয় অভিনেতা পৰাগ শৰ্মা আৰু আমাৰ মাজত নাই। যোৱা নিশা নেমকেয়াৰ হস্পিটেলত ২ বাজি ৮ মিনিটত ICU ত অভিনেতা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি জণ্ডিচ আৰু লিভাৰৰ সমস্যাত ভুগি থকা অভিনেতা গৰাকীৰ অকাল বিয়োগত  আমি সকলো মৰ্মাহত। অভিনেতা গৰাকীৰ অকাল বিয়োগত আমি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।




 অভিনেতা গৰাকীৰ  মৃত্যুৰ সময়ত হস্পিটেলত পৰিয়ালৰ সৈতে উপস্থিত আছিল নাট্যকাৰ-পৰিচালক অভিজিৎ ভট্টাচাৰ্য্য, বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক বংকিম ৰায় মেধি,নজৰুল হক, ৰফিজুল হক আলিৰ লগতে কিছু মুহূৰ্তৰ বাবে অসম চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ তথা জনপ্ৰিয় অভিনেতা যতীন বৰাও উপস্থিত হৈছিল ।



পৰাগ শৰ্মাৰ ভ্ৰাম্যমাণৰ মঞ্চত অন্তিম খন ৰাজতিলক থিয়েটাৰৰ মায়াবী সন্তান।



অহা ১৯-২০ নাট্য বৰ্ষৰ বাবে কহিনুৰ থিয়েটাৰৰ লগত চুক্তি বদ্ধ হৈছিল।
এই মহান অভিনেতা গৰাকীৰ বাবে শেষত আৰু এবাৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো।

ইয়াত ক্লিক কৰি আপুনিও NEWS পোষ্ট কৰক 

0/Post a Comment/Comments

Stay Conneted

Boxed Version