কোলাহল kolahol নতুন কাব্যগ্ৰন্থ উন্মোচন কৰা হব চানমাৰি উত্তৰ পূৱ গ্ৰন্থ মেলাত

New assamese poetry book kolahol

কোলাহল kolahol নতুন কাব্যগ্ৰন্থ উন্মোচন কৰা হব চানমাৰি উত্তৰ পূৱ গ্ৰন্থ মেলাত

কবিতা, যত মনৰ অনুভৱবোৰ প্ৰকাশিত হৈ পৰে বহু কবিৰ কলমেৰে,সেই কলমেৰে নিগৰি আহে প্ৰেম বিৰহ লগতে সামাজিক এখন ছবি ।সমাজৰ বহু জীয়া কাহিনী লগতে প্ৰেমৰ বহু অনুভৱক কবিতাৰ ৰূপ দিছে শিৱসাগৰৰ জীয়ৰী তথা বৰ্তমান শিক্ষা সূত্ৰে গুৱাহাটীত থকা প্ৰিয়ম্বীকা বৰাই ।নৱপ্ৰজন্মৰ এগৰাকী কবি লগতে জুবিন দাৰ সৈতে "খেতিয়কৰ ল'ৰা"ৰ পৰা আৰম্ভ কৰি বহু কবিতা আবৃত্তিৰে এগৰাকী আবৃত্তিকাৰ হিচাপে পৰিচিত প্ৰিয়ম্বীকা বৰাৰ জীৱনৰ প্ৰথম খন কাব্য গ্ৰন্থ " কোলাহল" আনুষ্ঠানিক ভাবে উন্মোচন কৰা হ'ব চানমাৰি উত্তৰ পূৱ গ্ৰন্থ মেলাত অহা ২ নৱেম্বৰত ।অসমীয়া সাহিত্য জগতলৈ প্ৰথম সংযোজন প্ৰিয়ম্বীকা বৰাৰ এই সৃষ্টি মানুহৰ মনত সজীৱ হৈ ৰওক ।

কোলাহল সম্পৰ্কে প্ৰিয়ম্বিকাৰ নিজা মত,

"এটা সৰুৰে পৰা দেখা মোৰ সপোন বাস্তৱ হ'ব অহা 2 নৱেম্বৰত   ।এখন কাব্যগ্ৰন্থ ,যত মোৰ অনুভৱবোৰ জীপাল হৈ আছে আশা কৰো মোৰ এই অনুভৱৰ টুকুৰাবোৰ সন্নিবিষ্ট হৈ থকা কাব্য গ্ৰন্থ "কোলাহল"ক আপোনালোকে মৰম দিব আৰু আদৰি লব ।অহা 2 নৱেম্বৰত চানমাৰি উত্তৰ পূৱ গ্ৰন্থ মেলাত উন্মোচন কৰা হ'ব আবেলি ৪ বজাত ।আশা কৰো সকলো আহিব আৰু মোৰ "কোলাহল"ক আদৰি ল'ব ।"

এতিয়া মাথো সময় কোলাহলক লৈ।

0/Post a Comment/Comments

Stay Conneted

Boxed Version