আহি আছে অসমীয়া কাব্যগ্ৰন্থ ভালপাওঁ তোমাক Valpao tumak 2019

Valpao tumak assamese poetry book

আহি আছে অসমীয়া কাব্যগ্ৰন্থ  ভালপাওঁ তোমাক Valpao tumak  2019  new assamese poetry book of 2019 

কবিতা এক সৃষ্টি, কবিতা এক কলা । কবিতাৰ সংজ্ঞা যদি আমি সহজভাৱে ক’বলৈ যাওঁ হয়তো ক’ম “এগৰাকী কবিৰ হৃদয়ৰ নিভৃতম কোণৰ পৰা নিগৰি অহা অনুভৱ যেতিয়া শব্দৰূপে সজ্জিত হয় হয়তো তেতিয়াই জন্ম হয় একোটা কবিতাৰ” । আধুনিকতাই গ্ৰাস কৰা পৃথিৱীখনত এতিয়াও ভালপোৱা শেষ হোৱা নাই, প্ৰেম মৰহি যোৱা নাই এই ধাৰণা মনত লৈ আগবাঢ়ি অহা নৱপ্ৰজন্মৰ এগৰাকী উদীয়মান প্ৰতিভাসম্পন্ন কবি হৈছে লুতফা আখতাৰা । ঘৰ উত্তৰ গুৱাহাটীৰ, ২ নং জলাহ টাঙনীত । ইতিমধ্যে তেওঁৰ লিখনি আৰু আবৃত্তিয়ে ফেচবুক জগতত আৰু অসমৰ ৰাইজৰ মাজত খলকনিৰ সৃষ্টি কৰিছে । সৰুৰে পৰা তেওঁৰ সাহিত্য চৰ্চাৰ প্ৰতি ধাউতি থকা বুলি জনা যায় । মনত পুহি ৰখা সপোন এটি বাস্তৱত ৰূপান্তৰিত কৰাৰ হেঁপাহেৰে লুতফা আখতাৰাই জীৱনৰ প্ৰথমখন কাব্যগ্ৰন্থ “ভালপাওঁ তোমাক”  প্ৰকাশ কৰিবলৈ ওলাইছে ।
মোৰ বিশ্বাসৰ হাত দুখনি, মোৰ আশাৰ চকুযুৰি, মোৰ অকলশৰীয়া সময়ৰ মাতষাৰি, মোৰ মৰম নামৰ নৈখনি, "ভালপাওঁ তোমাক"_

কাব্যগ্ৰন্থ খন ২০১৯ চনৰ ২  নৱেম্বৰৰ পৰা উপলব্ধ হ’ব অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰ, চানমাৰি বাকৰিত অনুষ্ঠিত হোৱা উত্তৰপূৱ গ্ৰন্থমেলাত । পাঠক সমাজৰ হৃদয় জুৰ কৰিব পৰা উদ্দেশ্যৰে প্ৰেম, আৱেগ, অনুভূতি তথা বিষাদপৰিপূৰ্ণ কিছু ৰসাল শব্দৰ মায়াজালেৰে সৃষ্টি কৰা হৈছে কাব্যগ্ৰন্থ “ভালপাওঁ তোমাক” ।  লুতফা আখতাৰা নৱপ্ৰজন্মৰ প্ৰেৰণা, ভৱিষ্যতে তেওঁ এগৰাকী প্ৰতিষ্ঠিত কবিৰ পৰিচয় পাবলৈ সক্ষম হ‘ব বুলি আশা কৰা যায় । সাহিত্য জগতখনক আগবঢ়াই নিবলৈ পাঠক সমাজৰ দায়িত্ব যথেষ্ট । এনেবোৰ সৃষ্টিত পাঠক সমাজে আগবঢ়োৱা অনুপ্ৰেৰণাৰে সাহসী হৈ উঠিব লেখকৰ কলম, উৎসাহিত হ’ব নতুন সৃষ্টিৰ পাতনি মেলাত ।

0/Post a Comment/Comments

Stay Conneted

Boxed Version