ডিব্ৰুগড় নগৰক সৰ্বাঙ্গসুন্দৰ কৰাৰ প্ৰচেষ্টাত ব্যস্ত গৌতম বৰদলৈ




ডিব্ৰুগড় নগৰক সৰ্বাঙ্গসুন্দৰ কৰাৰ প্ৰচেষ্টাত ব্যস্ত গৌতম বৰদলৈ


ডিব্ৰুগড় নগৰক সৰ্বাঙ্গসুন্দৰ কৰাৰ প্ৰচেষ্টাত ব্যস্ত গৌতম বৰদলৈ ::=============
✍️ ৰশ্মিৰেখা সাউদ কলিতা 

ডিব্ৰুগড়ৰ সুসন্তান তথা প্ৰবাসী অসমীয়া প্ৰয়াত সাংবাদিক হেৰম্ব বৰদলৈৰ পুত্ৰ গৌতম বৰদলৈ ডিব্ৰুগড়বাসীৰ বাবে আদৰ্শ হিচাপে পৰিগণিত হৈছে। হংকঙৰ আৰ্হিত, আন্ত:ৰাষ্ট্ৰীয় মানেৰে নিজা প্ৰচেষ্টাত ডিব্ৰুগড়ত পিতৃৰ নামত বহু লাখ টকা খৰচ কৰি এটা আটকধুনীয়া পথ নিৰ্মাণ কৰি দেশৰ সংবাদ মাধ্যম আৰু ছ'চিয়েল মিডিয়াত চৰ্চিত হোৰাৰ পিছত সমগ্ৰ অঞ্চলত পকী দেৱাল সমূহত ৰং-তুলিকাৰে অংকন কৰি অন্য এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। "চহৰত নতুন যুৱক" নামৰ সুন্দৰ কবিতা পুথিখনেৰে  ২০০৭ চনতেই এগৰাকী সু কবি হিচাপেও পৰিচিত গৌতম বৰদলৈয়ে চৰকাৰ তথা জনপ্ৰতিনিধিলৈ বাট নাচাই নিজৰ সাঁচতীয়া ধনেৰে আন্ত:ৰাষ্ট্ৰীয় মানৰ এটা সৰ্বাঙ্গসুন্দৰ পথ নিৰ্মাণৰ জড়িয়তে চৰ্চালৈ অহা ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ গৌতম বৰদলৈৰ এয়া অন্য এক চমক। বৈৰাগীমঠৰ নিজৰ চুবুৰীটোৰ পথৰ কাষৰ গেলা আবৰ্জনাৰে পূৰ্ণ, কচু ঢেঁকীয়া, মদৰ বটল আদিৰে পোত গৈ থকা পিতনি সদৃশ নলাসমূহ নিজা প্ৰচেষ্টাত পৰিষ্কাৰ কৰি পকীকৰণ আৰু পথৰ কাষৰ দেৱালসমূহ ৰং দি সজাই তোলাৰ পিছত তাত ৰং-তুলিকাৰে এখন এখনকৈ সজাই তুলিছে। গৌতম বৰদলৈ নিজে চীনদেশৰ বাসিন্দা হোৱাৰ বাবে ঘৰলৈ আহিলে দুচকুত ভাঁহি উঠে চীন দেশৰ উন্নত প্ৰযুক্তিৰে নিৰ্মিত সৰ্বাঙ্গসুন্দৰ পথবোৰ। সেয়ে তেওঁ ছিংগাপুৰ - ছিডনীৰ দৰে দৃষ্টিনন্দন পৰিবেশ দিবলৈ এনে প্ৰচেষ্টা সাৰোগত কৰিছে বুলি জানিবলৈ দিয়ে। ইতিমধ্যে তেওঁৰ পিতৃৰ নামত আন্ত:ৰাষ্ট্ৰীয় মানৰ পথ নিৰ্মাণ কৰাৰ লগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ নামত আন এটা পথ নিৰ্মাণ কৰি পৰিবেশ নিকাকৰণৰ আন এক নিদৰ্শন দাঙি ধৰিছে। যোৱা ২৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ ২ মাৰ্চত সামৰণি পৰা দেৱাল অংকন প্ৰতিযোগিতাত ডিব্ৰুগড় চল্টব্ৰুক একাডেমীকে ধৰি বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছিল।




প্ৰতিযোগিতাত বিজয়ী সকলক পুৰস্কৃত কৰাৰ উপৰিও অংশগ্ৰহণকাৰীক প্ৰত্যেককে প্ৰমাণ পত্ৰ প্ৰদান কৰে। প্ৰকৃতি বিষয়ক আৰু সজাগতা মূলক বিভিন্ন চিত্ৰ অংকন কৰি পথৰ দুয়োকাষে চালে চকুৰোৱা পৰিবেশ সৃষ্টি কৰিছে। তাৰ উপৰিও সুধাকণ্ঠ ভূপেন হাজৰিকা,  ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা,খগেন মহন্ত, জয়ন্ত হাজৰিকা, জুবিন, পাপন,  প্ৰতিমা পাণ্ডে, দ্বিপেন বৰুৱা, দীপালি বৰঠাকুৰ আদি স্বনামধন্য শিল্পী সকলৰ সুন্দৰ ছবিৰে পথৰ দেৱাল উজ্বলাই তুলিলে। এই ক্ষেত্ৰত শিল্পী তথা  দৰ্শকসকলক যথেষ্ট উৎসাহিত দেখা গৈছিল। নিজৰ অঞ্চলটো আৰু চহৰখনৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে চৰকাৰ তথা জনপ্ৰতিনিধিলৈ বাট নাচাই গৌতম বৰদলৈয়ে অন্য সকলকো এনে পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছে। ডিব্ৰুগড়বাসীয়ে বৰদলৈক ভূয়সী প্ৰশংসা কৰিছে। উল্লেখ্য যে, সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হোৱা এগৰাকী দুখীয়া মেধাৱী ছাত্ৰৰ পঢ়াৰ খৰচ বহন কৰি ডিব্ৰুগড়ৰ চল্টব্ৰুক একাডেমীত পঢ়াৰ সুবিধা কৰি দি সেই দুখীয়া পৰিয়ালটোক সকাহ দিয়াৰ লগতে ছাত্ৰ জনৰ ভৱিষ্যৎ উজ্জ্বল কৰি আগুৱাই নিয়াত সহায় কৰিছে।  সঁচাকৈয়ে গৌতম বৰদলৈৰ দৰে উদাৰ,কৰ্মঠ,প্ৰাণৱন্ত, সামাজিক ভাৱে সচেতন, মানুহক ভাল পোৱা ব্যক্তি যদি আমাৰ সমাজত বেছিকৈ থাকিলেহেঁতেন , তেন্তে  পৃথিৱীখন কিমান সুন্দৰ হ'ল হেঁতেন ! পৃথিৱীতেই সৰগ ৰচনা কৰা সম্ভৱ হ' লহেঁতেন। বৰ্তমান ভোগবাদী সমাজত গৌতম বৰদলৈৰ দৰে ব্যক্তি একেবাৰে দুৰ্লভ ! গৌতম বৰদলৈৰ ত্যাগ, কৰ্মস্পৃহা, সমাজৰ প্ৰতি দায়বদ্ধতা, দেশ-জাতিক ভালপোৱা আদিবোৰ  নৱপ্ৰজন্মৰ পাথেয় হওক।

0/Post a Comment/Comments

Stay Conneted

Boxed Version