পাকিস্তানৰ বিজ্ঞাপনত উইং কমাণ্ডাৰ অভিনন্দনৰ চৰিত্ৰ


পাকিস্তানৰ বিজ্ঞাপনত উইং কমাণ্ডাৰ অভিনন্দনৰ চৰিত্ৰ


পাকিস্তানৰ বিজ্ঞাপনত উইং কমাণ্ডাৰ অভিনন্দনৰ চৰিত্ৰ

বিজ্ঞাপনটোত ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানৰ ৰূপত দেখা গৈছে পাকিস্তানৰ এগৰাকী মডেলক।

    

পাকিস্তানৰ বালাকোটত হোৱা এয়াৰ ষ্ট্ৰাইকত উইং কমাণ্ডাৰ অভিনন্দ বৰ্ধমানৰ সাহসিকতাৰ চৰ্চা কেৱল ভাৰততে সীমিত থকা নাই। আজি তেওঁৰ পৰাক্ৰমক সমগ্ৰ বিশ্বই স্বীকাৰ কৰিছে। এতিয়া এই তালিকাত অন্তৰ্ভুক্ত হৈছে খোদ পাকিস্তানো। এতিয়া পাকিস্তানে অভিনন্দনৰ কথন শৈলী ব্যৱহাৰ কৰিছে বিজ্ঞাপনতো।


আচলতে ১৬ জুনত বিশ্বকাপত মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান। এনে সময়তে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে পাকিস্তানৰ এটা বিজ্ঞাপন। বিজ্ঞাপনটোত ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানৰ ৰূপত দেখা গৈছে পাকিস্তানৰ এগৰাকী মডেলক। মুখমণ্ডলত অভিনন্দনৰ দৰে সেই বিশেষ ডিজাইনৰ দাঢ়ি।


ভিডিঅ’টোত অভিনন্দনৰ ৰূপত ১৬ জুনত হ’বলগীয়া ভাৰত–পাকিস্তানৰ মেচখনৰ বিষয়ে প্ৰশ্ন সোধা হৈছে। ভাৰতীয় দলৰ প্লেয়িং ইলেভেনত কোন কোন থাকিব? টীম ইণ্ডিয়াৰ বিৰুদ্ধে পাকিস্তানৰ ৰণকৌশল কি হ’ব? এই সকলো প্ৰশ্নৰ উত্তৰত মডেলগৰাকীয়ে কৈছে – I'm Sorry, I am not supposed to tell you this।

0/Post a Comment/Comments

Stay Conneted

Boxed Version