এইবাৰ কেটৰিনাৰ শাৰীত মছগুল হল ছলমান
ছলমান খানৰ অভিনীত ছবি ‘ভাৰত ’ আৰু নতুন এটা গান শুক্রবাৰে প্রকাশ পাইছে । তাত চাল্লুভাইৰ সৈতে উপস্থিত আছিল কেটৰীণা কাইফ। গান প্রকাশ অনুষ্ঠানত কেটৰিনাৰ শাৰীৰ ভাঁজ ওলট-পালট হৈ গল । তাক দেখি অনুষ্ঠানৰ মাজতে সেয়া ঠিক কৰাত ব্যস্ত হৈ পৰে বলিউডৰ ভাইজান। যি দেখি বহুতেই কৈছে এইবাৰ নায়িকাৰ শাড়ীত মছগুল হল ভাইজান তাৰ লগতে আবাকো হৈ পৰিল । নিমিষতে কেমেৰাত বন্দী হয় এই দৃশ্য
এটা সময়ত ছলমান কেটৰিনাৰ প্রেমৰ কথা বেছ চর্চিত আছিল। সিহঁতৰ সম্পর্ক ভঙাৰ খবৰো এটাসময় শিৰোনামাত উঠিছিল। মাজত অবশ্য ৰণবীৰ কাপুৰৰ সৈতে কেটৰিনাৰ প্রেমৰ কথা প্রায় সকলেই জানে । কেটৰিনাৰ সৈতে প্রেম কৰাৰ বাবে ৰণবীৰৰ লগতো সম্পর্ক তিক্ত হয় চলমানৰ । পিছত ৰণবীৰৰ লগতো কেটৰ ব্ৰেকআপৰ পিছত আজিকালি প্রায় বেছিকৈ চাল্লু তেওৰ পৰিয়ালৰ আশে পাশে দেখা যায় অভিনেত্ৰীগৰাকীক ।
ছলমান -কেটৰিনাই নতুন কৈ আৰু সম্পৰ্কত আহিছেনে তাক লৈ কোনেও এতিয়ালৈ মুখ খোলা নাই।
প্রসঙ্গত, শুক্রবাৰে মুক্তি পায় ‘ভাৰত’ ছবিৰ ‘জিন্দা’ নামৰ গানটো। যিটো ইতিমধ্যেই চিনেমা প্রেমীসলৰ মন কাঢ়ি লৈছে ।

Post a Comment