অৱতৰণৰ সময়তে দপদপাই জ্বলিল যাত্ৰীবাহী বিমান, নিমিষতে ছাঁই হ’ল ৪১ জনকৈ লোক*


*অৱতৰণৰ সময়তে দপদপাই জ্বলিল যাত্ৰীবাহী বিমান, নিমিষতে ছাঁই হ’ল ৪১ জনকৈ লোক*


এই ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা ৪০ জন লোকৰ ভিতৰত আছে দুটি কণমানি শিশু
   
দেওবাৰৰ ব্যস্ত এয়াৰপৰ্ট। ৰাছিয়ান এৰ’ফ্লটৰ চুখয় ছুপাৰজেট 100 এখনে মস্কোৰ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলৈ ক্ৰমাৎ নিম্নমুখী হৈছে। হঠাৎ সমগ্ৰ বিমানখন এক বৃহৎ অগ্নিপিণ্ডই ঢাকি ধৰে। জ্বলন্ত বিমানখনে অৱতৰণ কৰে মানে ক’লা ধোৱাই আৱৰি ধৰে মস্কোৰ বিমানবন্দৰ। মাত্ৰ কেইটামান ছেকেণ্ড জুই আৰু ছাঁইৰ মাজত শেষ হৈ গ’ল ৪১টাকৈ জীৱন। বিমানখনত মুঠ ৭৮জন যাত্ৰী আৰু ক্ৰু আছিল। এই ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা ৪০ জন লোকৰ ভিতৰত আছে দুটি কণমানি শিশু। ৰাছিয়াৰ সংবাদমাধ্যমৰ মতে বিমানখনে শ্বেৰমেটিয়াও বিমানঘাটীৰ পৰা উৰিছিল আৰু টেক অফৰ সময়ত কিছু বিজুতিৰ বাবে বিমানখন লেণ্ড কৰোৱাত ব্যৰ্থ হয় পাইলট। দ্বিতীয়বাৰ চেষ্টা কৰোতে বিমানখনৰ লেণ্ডিং গিয়াৰ আৰু আগৰ অংশ ভূমিত খুন্দা খাই পচন্দ জোৰত জ্বলি উঠে।

0/Post a Comment/Comments

Stay Conneted

Boxed Version