কণমানি শিশুটিয়ে দিলে বিশাল মনৰ পৰিচয়
ছচিয়েল মিডিয়াত ভাইৰেল হৈছে মিজোৰামৰ ছাইৰাঙৰ এটি কণমানিৰ এখন ফটো। ফটোখনত শিশুটিৰ এখন হাতত আছে এখন ১০টকীয়া নোট আৰু আনখন হাতত এটা মুৰ্গী পোৱালি। শিশুটিৰ চকু–মুখত ফুটি উঠিছে সি যেন অসহায়। ঘটনাটো এনে ধৰণৰ
নিজৰ ঘৰৰ সমীপতে নিজৰ সৰু চাইকেলখন চলাই আছিল শিশুটিয়ে। হঠাৎ তাৰ চাইকেলৰ চকাৰ তলত সোমাল এটা মুৰ্গী পোৱালি। মুৰ্গী পোৱালিটো তাৰ প্ৰতিবেশী পৰিয়ালৰ। চকাৰ তলত পৰাত আঘাতপ্ৰাপ্ত হ’ল মুৰ্গী পোৱালিটো। আঘাতপ্ৰাপ্ত মুৰ্গী পোৱালিটোক লৈ সি অনুতপ্ত হৈ পৰিল। সি মুৰ্গী পোৱালিটো হাতত লৈ ওচৰতে থকা হাস্পতাল পালেগৈ। হাস্পতালৰ কৰ্মীক মুৰ্গী পোৱালিটো চিকিৎসা কৰিবলৈ আগবঢ়াই দিলে তাৰ পকেটত থকা ১০টকীয়া নোটখন।
শিশুটিৰ এই ছবিখন ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। শিশুটিৰ মানৱীয়তা, মুৰ্গী পোৱালিটোৰ প্ৰতি থকা অকৃত্ৰিম মৰমে হৃদয় চুই গৈছে সকলোৰে। ছচিয়েল মিডিয়াত বহু লোকে প্ৰশংসাৰে ওপচাই পেলাইছে কণমানিটিক।
ফটোৱে বহু কথাই কয়। কেতিয়াবা এখন ফটোত নিহিত হৈ থাকে বহু কাহিনী। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা মিজোৰামৰ এই কণমানিটিৰ ফটোখনেও বহু কথাৰ উন্মেষ ঘটাইছে। ফুলকুমলীয়া শিশুটিৰ মানৱীয় গুণ, নিজৰ পকেটত থকা সমস্ত ধন খৰচ কৰি মুৰ্গী পোৱালিটোক চিকিৎসা কৰিবলৈ নিয়া কাৰ্যই সাঁচ বহুৱাই গৈছে প্ৰতিজন লোকৰ হৃদয়ত। ভুল সকলোৱে কৰে, কিন্তু অনিচ্ছাকৃত কিছুমান ভুলৰ বাবে অনুতপ্ত হোৱাটোহে ডাঙৰ কথা। কেতিয়াবা এটি শিশুৱেও জ্যেষ্ঠজনক বহু কথা শিকায়। কেতিয়াবা শিশুৱে এনেকুৱা কিছুমান কাম কৰে যিবোৰ কামে জ্যেষ্ঠজনৰ মন–মগজুত চিন্তাৰ উদ্ৰেগ ঘটায়।


Post a Comment