সতৰ্ক হওঁক আপুনি

সতৰ্ক হওঁক আপুনি


ভাৰতৰ 7 খন ৰাজ্যত ইছলামিক সন্তাসবাদীৰ ISISৰ ভয়কঙ্কৰ আত্মঘাটি বোমা বিস্ফোৰণৰ পৰিকল্পনা। উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ স্থান আছে 7 খন ৰাজ্যৰ ভিতৰত। বৰ্তমান বিহু আৰু থিয়েটাৰ সময়। গতিকে কোনো অচিনাকী ব্যক্তিয়ে যদি বেগ লৈ বিহু বা থিয়েটাৰ অনুষ্ঠানত প্ৰৱেশ কৰে তেন্তে সকলোৱে সচেতন হৈ বেগ বোৰ পৰীক্ষা কৰিব । লগে লগে নিকৱৰ্তী আৰক্ষীক খবৰ দিব।  কিয়নো আমাৰ দেশৰ গাতে লাগি থকা দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত যি দৰে আত্মঘাটি বোমা বিস্ফোৰণ ঘটাইছিল ঠিক তেনেদৰে অসম তথা উল্লেখিত 7 ৰাজ্যত আত্মঘাটি বিস্ফোৰণ ঘটোৱা পৰিকল্পনাঃ গ্ৰহন কৰিছে। গতিকে ৰেল যাত্ৰীৰ পৰা আৰম্ভ কৰি থিয়েটাৰ আৰু বিহু অনুষ্ঠান সমূহ উপভোগ কৰা প্ৰতিজন দৰ্শকে সচেতন হোৱাটো বাঞ্চনীয়।  শ্ৰীলংকাত বোমা বিস্ফোৰণৰ 7 সপ্তাহ পূৰ্বে সঠিক তথ্য প্ৰদান কৰিছিল ভাৰতৰ চোৰাং চোৱা বিভাগে। লগতে শ্ৰীলংকা চৰকাৰক ব্যক্তও কৰিছিল বিষয়টো। কিন্তু কোনো ধৰণৰ আগতীয়া পদক্ষেপ গ্ৰহণ নকৰিলে শ্ৰীলংকা চৰকাৰে। ভাৰত বৰ্ষৰ চোৰাংচোৱা বিভাগে ইফালে 7 খন ৰাজ্যত সকলো ফলগ জাৰি কৰিছে। একে সময়তে 7 খন ৰাজ্যৰ যাত্ৰীবাহি ৰেলত আত্মঘাটি বোমা বিস্ফোৰণ ঘটোৱা পৰিকল্পনাঃ বিষয়ে তথ্য লাভ কৰিছে চোৰাংচোৱা বিভাগে। গতিকে অসমৰ ৰেল আৰক্ষীৰ লগতে অসম আৰক্ষীও তৎপৰ হৈ পৰিছে। লগতে আমি প্ৰত্যেকেই সচেতন হৈ অচিনাকী বেগ লৈ ফুৰা ব্যক্তি দেখিলেই ততালিকে আৰক্ষীক খবৰ দিব। আপোনাৰ লগতে অনৰো জীৱন ৰক্ষা কৰাটো আমাৰ মানৱ ধৰ্মৰ সকলোতকৈ ডাঙৰ গুন।

 নিজে নিজেন হওক আৰু আনকো সচেতন কৰাওক।

0/Post a Comment/Comments

Stay Conneted

Boxed Version