১ মে’ৰ পৰা বন্ধ হ’ব পাৰে আপোনাৰ এ টি এম কাৰ্ড।

১ মে’ৰ পৰা বন্ধ হ’ব পাৰে আপোনাৰ এ টি এম কাৰ্ড।


সমগ্ৰ বিশ্বতে দিনক দিনে বৃদ্ধি পাইছে চাইবাৰ ক্ৰাইমৰ সংখ্যা। উন্নত প্ৰযুক্তি বিদ্যাৰ এই যুগত আপোনাৰ এটা সৰু ভুলে ব্যক্তিগত ফেচবুক, টুইটাৰ একাউন্টৰ পৰা আদি কৰি বেংকত সাচতীয়া জমা ধন কেইটাও কাঢ়ি নিব পাৰে একাংশ হেকাৰে। এই ক্ষেত্ৰত বিভিন্ন সময়ত সজাগতামূলক কাৰ্য গ্ৰহণ কৰা হয় যদিও বহুসময়ত এই সকলোবোৰ প্ৰতিৰক্ষা বেষ্টনী নেওচি হেকাৰে লুটি নিয়ে ব্যক্তিগত তথ্য-পাতিৰ লগতে বেংকত জমা থকা ধন।

এই চাইবাৰ ক্ৰাইমৰ পৰা পৰিত্ৰাণ পাবলৈ বিগত বৰ্ষত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই এক নিৰ্দেশ প্ৰদান কৰিছিল যে, সুৰক্ষাৰ খাতিৰত ২০১৯ বৰ্ষৰ ৩০ এপ্ৰিলৰ ভিতৰত মেগ্নেটিক ষ্ট্ৰিপযুক্ত কাৰ্ড সলনি কৰি সকলো গ্ৰাহকে গ্ৰহণ কৰক ই এম ভি কাৰ্ড। এই ই এম ভি কাৰ্ডত আছে তিনিটা সুবিধা। ইৰুপে, মাষ্টাৰ কাৰ্ড, ভিজাৰ সকলো সংমিশ্ৰনেৰে তৈয়াৰ কৰা হৈছে এই ই এম ভি কাৰ্ড। বেংকটোৱে জনোৱা অনুসৰি প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ ফলত মেগ্নেটিক কাৰ্ডৰ জৰিয়তে ডাটা চুৰি কৰিবলৈ অতি সহজ। সেয়েহে নিজৰ বেংক একাউন্ট সুৰক্ষিত কৰাৰ বাবে ৰিজাৰ্ভ বেংকে দিছিল এই নিৰ্দেশ। গতিকে যি সকলে ৩০ এপ্ৰিলৰ লৈকে এই কাম কৰা নাই ১ মে’ৰ পৰা অচল হৈ পৰিব এটিএম কাৰ্ড সমূহ।

পুৰণি মেগ্নেটিক কাৰ্ড কেনেকৈ সলনি কৰিব:

আপোনাৰ একাইন্ট যি বেংকত আছে তাৰ এটা শাখা কাৰ্যালয়লৈ গৈ এখন ফৰ্ম পূৰ কৰক। ইয়াৰ পাছতে আপুনি লাভ কৰিব নতুন ই এম ভি কাৰ্ড। অনলাইনৰ যোগেদিও কৰিব পাৰিব এই কাম।

উল্লেখ্য যে, নতুন ই এম ভি কাৰ্ড ব্যৱহাৰ কৰোতে আপুনি কোনো পাছৱৰ্ড টিপিব নালাগে। কাৰ্ডটোৰ ভিতৰতে সকলো তথ্য মজুত থাকে। নতুন কাৰ্ড তৈয়াৰ কৰাৰ বাবদ বেংকে কোনো ধৰণৰ মাচুল নলয়।

0/Post a Comment/Comments

Stay Conneted

Boxed Version