মৃত্যুৰ_পিছতো_চাৰিজনক_জীৱন_দান


মৃত্যুৰ_পিছতো_চাৰিজনক_জীৱন_দান


মৃত্যুৰ পিছত ৪জন মানুহক জীৱন দান দি গ’ল দিল্লীৰ এজন যুৱকে। দিল্লীৰ এপল’ হাস্পতালত যুদ্ধকালীন তৎপৰতাৰে সম্পন্ন কৰা এই অভিযানৰ নেতৃত্ব বহন কৰিলে এজন অসমীয়াই। যোৱা ৭ এপ্ৰিলত নিজৰ কাৰ্যালয়লৈ গৈ থকাৰ পথত দিল্লীত দুৰ্ঘটনাত পতিত হৈছিল ২৬ বছৰীয়া MBAৰ ছাত্ৰ এজন। অতি সংকটজনক অৱস্থাত তেওঁক ভৰ্তি কৰোৱা হৈছিল দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপল’ হাস্পতালত। চিকিৎসকৰ নেৰানেপেৰা চেষ্টাৰ পিছতো যুৱকজনক বচাব পৰা নগ’ল। ১৫ এপ্ৰিলৰ পুৱা চিকিৎসকে পৰিয়ালক জনালে যুৱকজন ব্ৰেইন ডেড বুলি। লগে লগে তেওঁৰ মাতৃয়ে ল’লে এক অকল্পনীয় সিদ্ধান্ত। মৃত্যুৰ পিছতো পুত্ৰক কিছুপৰিমাণে জীয়াই ৰখাৰ স্বাৰ্থত যুৱকজনৰ হৃদযন্ত্ৰ, যকৃৎ আৰু দুয়োটা কিডনী দান দিয়াৰ কথা ঘোষণা কৰিলে সাহসী মাতৃয়ে। কিন্তু সমস্যাটো হ’ল এই গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰত অতিকৈ প্ৰয়োজনীয় বিশেষজ্ঞ চিকিৎসক ডাঃ ভবানন্দ দাস বিহু বুলি গুৱাহাটীত থকাত। 

হাস্পতাল কৰ্তৃপক্ষৰ পৰা খবৰটো পায়েই প্ৰথম ব’হাগৰ দিনটোত লগে লগে দিল্লীলৈ উৰা মাৰিলে ডাঃ দাস। নিশাই তেওঁ যুৱকজনৰ পৰা হৃদযন্ত্ৰ আঁতৰাই আনি ৩৩ বছৰীয়া এজন যুৱকৰ শৰীৰত সংৰোপন কৰিলে। আন বিশেষজ্ঞই যকৃৎ সংৰোপন কৰিলে ৪৯ বছৰীয়া এজন লোকৰ শৰীৰত। যুৱকজনৰ সমবয়সীয়া এজন লোকৰ শৰীৰত সংৰোপন কৰা হ’ল এটা কিডনী। আনটো কিডনী দিল্লীৰ আন এখন হাস্পতালত আন এজন লোকৰ শৰীৰত চিকিৎসকে সংৰোপন কৰিলে। কিডনী আৰু লিভাৰতকৈ জটিল আছিল হৃদযন্ত্ৰ সংৰোপন প্ৰক্ৰিয়া। যুৱকজনৰ হৃদযন্ত্ৰ সংৰোপন কৰা ব্যক্তিজনৰ পৰা মঙলবাৰৰ নিশা খুলি দিয়া হৈছে ভেণ্টিলেশ্যন। তেওঁ ক্ৰমশঃ সুস্থ হৈ উঠিছে। লগে লগে প্ৰথম ব’হাগত এটা ভাল কাম কৰাৰ বাবে হাঁহি বিৰিঙিছে ডাঃ ভবানন্দ দাসৰ মুখত। এইজন অসমীয়া চিকিৎসকৰ নেতৃত্বতে ৯০ৰ দশকত ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে AIIMSত সফলতাৰে সংৰোপন কৰা হৈছিল হৃদযন্ত্ৰ।

#Copy

0/Post a Comment/Comments

Stay Conneted

Boxed Version