তিনিচুকীয়া আৰ ডি জুনিয়ৰ কলেজৰ কিছু চাঞ্চলৈকৰ ঘটনা
আপুনি আপোনাৰ লৰা বা ছোৱালী বাহিৰত যেতিয়া পৰিব পঠাই তেতিয়া কিমান সুৰক্ষিত সেইটো বাৰু আপুনি গম পায়নে। তিনিচুকীয়াৰ ডি জুনিয়ৰ কলেজৰ ঘটনাটো আমি গণমত অসমত (Ganamataxom.in) প্ৰকাশ কৰা পিছত সম্পূৰ্ণ ঘটনা পোহৰলৈ আহিল। জানিব পৰা গৈছে যে আগতও এনেকুৱা ধৰণৰ বহু ঘটনা হৈ গৈছে। লৰাজনৰ সৈতে ফোনত কথাত গণমত অসম ক জানিবলৈ দিয়া মতে লৰা জনৰ নাম সৌৰভ কোঁৱৰ ঘৰ টিংখঙ "কিছুদিন আগতে সৌৰভৰ লগত কেইজন মান লৰা লগ হৈ পৰীক্ষাৰ বিষয়ে কিছু আলোচনা কৰি আছিল তাৰ মাজতে এজন লৰা আহি তাৰ মাজত অভদ্ৰ ব্যৱহাৰ কৰিব ধৰিলে আৰু সৌৰভ ৰ মাকৰ বিষয়ে অভদ্ৰ আচৰণ কৰিব ধৰিলে এনেকৈ সিহঁতৰ মাজত অলপ কাজিয়াৰ সৃষ্টি হয় আৰু তাৰে পৰা লৰা জন গুচি যায় যদিও সৌৰভ ৰ ওপৰত প্ৰতিঘোধ লবলৈ বাট চাই আছিল। সৌৰভ ৰ লগৰ লৰা কেইজন হোষ্টেল ৰ পৰা ঘৰত যোৱা পিছত এদিন হোষ্টেলৰ ভিতৰত 10-15 জন লৰা আহি সৌৰভ ক আক্ৰমণ কৰে। আৰু তাৰ লগৰ লৰা এজন ভিডিও কৰি ভাইৰেল কৰিলে। আৰু সৌৰভ ক ভয় ভাবুকি দি কৈ যায় যে যদি এই ঘটনা বাহিৰত ওলাই তেতিয়া হলে তাৰ পৰিস্থিতি বেয়া হব। " এইবোৰ ঘটনা কিয় ঘটি আছে এইবোৰ হবলৈ কিয় পাই আছে সেইবোৰ কি আৰ ডি জুনিয়ৰ কলেজৰ অধ্যক্ষ মহোদয়ৰ চকুত নপৰে নে।

Post a Comment