১৯ বছৰীয়া কন্যাই নিজৰ লিভাৰ দান কৰি পুনৰ জীৱন দিলে পিতৃক।
এই গৰাকী যুৱতীৰ নাম হৈছে ৰাশি দত্ত।লিভাৰ সংক্ৰান্তীয় জটিল ৰোগত ভূগি আছিল পিতৃ।ডক্তৰে পৰামৰ্শ দিলে লিভাৰ ৰুপিত কৰিবলৈ।।কলিকতাৰ কেইবা গৰাকীও খ্যাত নামা ডক্তৰে হাত দঙাৰ পিছত ৰাশি য়ে ভগ্নীৰে সহিতে পিতৃ ক অকলশৰে লৈ আহিলে হায়দৰাবাদৰ এ আই জি নামৰ মেডিকেল খনলৈ।আৰু তাৰ পৰা আৰম্ভ হ'ল ৰাশি জীৱন সংগ্ৰামৰ আন এটা তিক্ত অধ্যায়।পিতৃ মাতৃ স্নেহ এই সংসাৰত সচায় অতুলনীয়।নিজৰ গোটেই জীৱনটো যে ঘূণীয়া হৈ জীয়াই থাকিব লাগিব সেই কথা অকণো নাভাবি অৱশেষত নিজৰে ৬৫ শতাংশ লিভাৰ ৰাশিয়ে দেউতাক দান কৰিবলৈ মান্তি হ'ল।ৰাশিৰ বিষয়ে মই যিমানেই লিখো সিমানে কম হব।মাত্ৰ এটাই কম যে ৰাশি তুমি সচায় মহান।যি সময়ত বহু লৰা ছোৱালীয়ে পিতৃ মাতৃক অৱজ্ঞাৰ চকুৰে চায় সেই সময়তে ৰাশি য়ে যি পিতৃ স্নেহৰ নিৰ্দশন দাঙি ধৰিলে সেইয়া সচায় ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা প্ৰংশসাৰ যোগ্য।ৰাশিৰ মুখত এই হাঁহি চিৰ জীৱন উজ্জলি থাকক তাৰেই কামনা কৰিলো।
#copied

Post a Comment