ভোটদান কৰিবলৈ যাওঁতে মনত ৰাখক এইকেইটা কথা


ভোটদান কৰিবলৈ যাওঁতে মনত ৰাখক এইকেইটা কথা


ভোটদান কৰিবলৈ যাওঁতে আপুনি লগত লৈ যাওঁক আপোনাৰ প্ৰয়োজনীয় পৰিচয় পত্ৰ।

    

ভোটদান কৰিবলৈ যাওঁতে আপুনি লগত লৈ যাওঁক আপোনাৰ প্ৰয়োজনীয় পৰিচয় পত্ৰ। তলত উল্লেখ কৰা যিকোনো এখন নথি ভোটদান কৰাৰ সময়ত দেখুৱাব লাগিব আপুনি। আধাৰ কাৰ্ড, MGNREGAৰ জব কাৰ্ড, গাড়ীচালনাৰ অনুজ্ঞা পত্ৰ বা বেংক–ডাকঘৰ কৰ্তৃপক্ষৰ চহী সম্বলিত পাছবুক লগত নিব লাগিব আপুনি।


কেন্দ্ৰীয়, ৰাজ্য চৰকাৰ, PSU, PLCৰ সেৱা পৰিচয় পত্ৰও প্ৰযোজ্য হ’ব ভোটদানৰ পৰিচয় পত্ৰ হিচাপে। আনহাতে, PAN কাৰ্ড, পাছপ’ৰ্ট, ফটোসহ পেন্সনৰ নথি, RGIৰ অনুমতিপ্ৰাপ্ত স্মাৰ্ট কাৰ্ড, শ্ৰম মন্ত্ৰণালয়ৰ অনুমতিপ্ৰাপ্ত হেল্থ ইঞ্চুৰেন্স স্মাৰ্ট কাৰ্ডো আপুনি ব্যৱহাৰ কৰিব পাৰিব পৰিচয় পত্ৰ হিচাপে। প্ৰবাসী ভাৰতীয়ই লগত নিব লাগিব পাছপ’ৰ্টৰ মূল কপি।

যদিহে প্ৰয়োজনীয় পৰিচয় পত্ৰ আপোনাৰ লগত লৈ নাযায়, তেন্তে ভোটদানৰ পৰা বঞ্চিত হ’ব পাৰে আপুনি। গতিকে ঘৰৰ পৰা ওলোৱাৰ সময়ত আপোনাৰ যিকোনো এখন পৰিচয় পত্ৰ লগত নিয়াটো বাধ্যতামূলক।

0/Post a Comment/Comments

Stay Conneted

Boxed Version