কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত সকলো ধৰণৰ খনন বন্ধ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।
অসম আৰক্ষীৰ সঞ্চালক প্রধানক খনন বন্ধ কৰিবলৈ নিৰ্দেশ দি অসম চৰকাৰক জাননী জাৰি কৰে উচ্চতম ন্যায়ালয়ে। তিনি সপ্তাহৰ ভিতৰত অসম চৰকাৰে দিব লাগিব জাননীৰ উত্তৰ। কাৰ্বি পাহাৰৰ পৰা উৎপত্তি হোৱা উপনৈসমূহৰ পদপথতো কৰিব নোৱাৰিব কোনো ধৰণৰ খননৰ কাম। চিনাক্ত হোৱা ৯টা বনৰীয়া জন্তুৰ দণ্ডীত ব্যক্তিগত গৃহ নিৰ্মাণতো প্ৰতিবন্ধকতা আৰোপ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। ন্যায়াধীশ অৰুণ মিশ্ৰ আৰু দীপক গুপ্তাৰে গঠিত খণ্ড বিচাৰপীঠে জাৰি কৰে নিৰ্দেশ। সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰা কেন্দ্ৰীয় উচ্চ ক্ষমতা সম্পন্ন কমিটীয়ে দাখিল কৰিছিল নিয়ম বৰ্হিভূতভাৱে সেই অঞ্চলসমূহত খনন কাৰ্য চলি থকাৰ প্ৰতিবেদন। কমিটীয়ে প্ৰতিবেদন দিয়াৰ পাছতে উচ্চতম ন্যায়ালয়ে দিয়ে এই নিৰ্দেশ।
Post a Comment