প্ৰতাৰণাৰ ৰাজনীতি;1998 চনৰ কথা


প্ৰতাৰণাৰ ৰাজনীতি;1998 চনৰ কথা

তেতিয়া কংগ্ৰেছ দলৰ সভাপতি আছিল চিতাৰাম কেচৰী ৷ যদিওবা এটা সময়ত কংগ্ৰেছ দলৰ জনপ্ৰিয় নেতা আছিল , সেই সময়ত এন ডি এ ৰ উথ্থান আৰু সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ পুতৌজনক ফলাফলৰ বাবে দলত তেওঁৰ স্হিতি থৰক বৰক হৈ পৰিছিল ৷ দলৰ মাজৰ বহুতে কেচৰী চাহাবে পদত্যাগ কৰাটো বিচাৰিছিল ৷ তেওঁলোকে চিতাৰাম কেচৰীৰ সলনি ছোনীয়া গান্ধী কংগ্ৰেছ দলৰ সভাপতি হোৱাটো বিচাৰিছিল ৷ যিহেতু চিতাৰাম কেচৰী এগৰাকী উচ্চকাংক্ষী নেতা আছিল তেওঁ কোনোপধ্যেই সভাপতি পদৰ পৰা পদত্যাগ কৰিবলৈ ৰাজী নাছিল ৷ কাৰণ 1947 চনৰ পৰা 1964 চনলৈ আৰু 1971 চনৰ পৰা 1977 চনলৈ দলৰ সভাপতি জনেই কংগ্ৰেছ দলৰ হৈ দেশৰ প্ৰধানমন্ত্ৰীত্বৰ গাদীত বহিছিল ৷ এপিনে দলৰ থৰক বৰক অৱস্হা আনপিনে কেচৰীৰ উচ্চকাংক্ষাই দলৰ বাঘা বাঘা নেতাবোৰৰ টোপনি হৰিছিল ৷ কিয়নো কংগ্ৰেছ দলৰ সংবিধানত দলৰ সভাপতি নিৰ্বাচনৰ ব্যৱস্হা আছিল কিন্তু পদৰ পৰা আতৰোৱাৰ কোনো ব্যৱস্হা নাছিল ৷ গান্ধী নেহেৰুৰ দিনৰ পৰা কংগ্ৰেছৰ সভাপতিজনে সদায়ে হাই কামাণ্ডৰ ইচ্ছানুসৰিহে উঠা বহা কৰিছিল ৷ যদি কোনোজন সভাপতিৰ হাইকামাণ্ডৰ লগত মনোমালিন্য হৈছিল তেওঁ তাৎক্ষণিক ভাৱে পদত্যাগ কৰিছিল ৷ পদৰ পৰা অপসাৰণ কৰিব লগীয়া অৱস্হা কংগ্ৰেছৰ ইতিহাসত কেতিয়াও অহা নাছিল ৷ সেয়েহে চাগে দলৰ সংবিধানতো এই ব্যৱস্হাতো ৰখা হোৱা নাছিল ৷ যাৰ বাৱে সেই সময়ত কংগ্ৰেছৰ বহু উচ্চ পৰ্যায়ৰ নেতাৰ টোপনি কাঢ়িছিল ৷
চিতাৰাম কেচৰীক পদৰ পৰা আতৰাই ছোনীয়া গান্ধীক দলৰ সভাপতি পাতিবলৈ প্ৰণৱ মুখাৰ্জী, জিতেন্দ্ৰ প্ৰসাদ আৰু শৰদ পাৱাৰে গোপনে মন্ত্ৰণা কৰি কেচৰীৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰম্ভ কৰি দিছিল ৷ সকলোৱে আলোচনা কৰি কেচৰীক পদৰ পৰা অপসাৰণ কৰিবলৈ পথ বিচৰাৰ দায়িত্ব চতুৰ মুখাৰ্জীক অৰ্পন কৰিছিল ৷ মুখাৰ্জীয়েও কংগ্ৰেছ দলৰ সংবিধান সুচৰি দফা xix-j ক সৰোগত কৰি এটা সুৰুঙা বিচাৰি উলিয়াইছিল য'ত লিখা আছিল 'অসাধাৰণ পৰিবেশত কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে সংবিধানত লিখা নথকা সিদ্ধান্তও লব পাৰে ' ৷ যদিওবা সেই সময়ত কংগ্ৰেছত কোনো অসাধাৰণ পৰিবেশৰ সৃষ্টি হোৱা নাছিল তথাপি এই দফাটোকে সৰোগত কৰি শৰদ পাৱাৰ, শ্ৰীযুত প্ৰসাদ আৰু মুখাৰ্জীয়ে মিলি কেচৰীৰ বিৰুদ্ধে এক বিতং ষড়যন্ত্ৰ ৰচনাত লাগিছিল ৷ ষড়যন্ত্ৰটো এনে ধৰণৰ আছিল যে অতি কম সময়ৰ আহ্বানত CWC ৰ মিটিং আয়োজন কৰা হ'ব ৷ যদি ইমান কম সময়ত দিয়া মিটিংখন অবৈধ বুলি ভাবি কেচৰীয়ে নামাঞ্জুৰ কৰে তেন্তে তেতিয়া তেওঁলোকে সভাপতিৰ অনুপস্হিতিত নিজাববীয়াকৈ মিটিং অনুস্হিত কৰিব আৰু নিজৰ ইচ্ছানুসৰি সিদ্ধান্ত গ্ৰহণ কৰিব ৷ এই পৰিস্হিতিৰ ড্ৰাফ প্ৰস্তুতৰ দায়িত্বও চতুৰ প্ৰণৱ মুখাৰ্জীকে পুণৰ দিয়া হ'ল ৷ ইয়াৰ লগতে কথাষাৰৰ গোপনীয়তা ৰক্ষাৰ স্বাৰ্থত সঠিক সময়লৈকে এই বিষয়ে কোনো কাৰণতেই পুণৰ আলোচনা নকৰাৰ সিদ্ধান্ত লোৱা হ'ল ৷
5 মাৰ্চ 1998 চনত 24 আকবৰ ৰোডত হোৱা CWC মিটিংত জিতেন্দ্ৰ প্ৰসাদ আৰু শৰদ পাৱাৰে পোনপটীয়া ভাৱে কেচৰীক পদত্যাগ কৰি ছোনীয়া গান্ধীক সভাপতি পদ এৰি দিবলৈ দাবী জনায় ৷ এই অসংবিধানীক কথাত খড়গহস্ত হৈ কেচৰীয়ে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনাৰ অভিযোগেৰে মুখাৰ্জী হতৰ লগত পেৰথমে বাক বিতণ্ডাত লিপ্ত হয় আৰু অৱশেষত তেখেতৰ বিশ্বস্ত CWC ৰ সাধাৰণ সম্পাদক তাৰিক আনোৱাৰ সহ সভাগৃহ ত্যাগ কৰে ৷ সভা ভংগহোৱাৰ পিছতো পাৱাৰসহ সকলোবোৰ ষড়যন্ত্ৰকাৰী কিন্তু এক বিশেষ উদ্দেশ্যৰে সভাগৃহত ৰৈ থাকে ৷ পুৰ্বৰ ষড়যন্ত্ৰ অনুসৰি তেওঁলোকে প্ৰকৃত সভাপতি/ সম্পাদকৰ অনুপস্হিতিত সভা অনুস্হিত কৰে আৰু এই অবৈধ সভাৰ সভাপতিৰ দায়িত্ব লয় ষড়যন্ত শিৰোমণি গৰাকীয়ে নিজেই ৷ এইখিনিতেই উল্লেখযোগ্য যে কিছুদিন আগতে এটা টি ভি ইণ্টাৰভিউটত চিতাৰাম কেচৰীয়ে কৈছিল যে যদি ছোনীয়া গান্ধীয়ে সক্ৰিয় ৰাজনীতিত যোগদান কৰে তেন্তে কেচৰীয়ে সভাপতিৰ পদৰ পৰা পদত্যাগ কৰি এই আসন ছোনীয়াক দিবলৈ প্ৰস্তুত ৷ এতিয়া এই অবৈধ সভাখনত কেচৰীৰ সেই কথাষাৰকেই বিষয়বস্তু হিচাপে লৈ এটা প্ৰস্তাৱ গ্ৰহণ কৰা হয় যে কেচৰীয়ে পদত্যাগ কৰি ছোনীয়াক সভাপতিৰ পদ এৰি দিলে আৰু ইয়াৰ বাবে CWC য়ে কেচৰীক অশেষ ধন্যবাদ যাচিলে ৷ প্ৰস্তাৱটো সৰ্বসন্মতি ক্ৰমে গৃহীত কৰা হ'ল ৷ লগে লগে পাৱাৰ আৰু মুখাৰ্জীয়ে গোপনে এখন ভাড়া গাড়ীত উঠি প্ৰথমে কিছুদুৰ যায় আৰু পিছত নিজ নিজ গাড়ীৰে লোকচক্ষুত নপৰাকৈ নিজৰ ঘৰ পায় ৷ এইপিনে কেইজনমান ষড়যন্ত্ৰকাৰীয়ে প্ৰস্তাৱৰ প্ৰতিলিপি লৈ ছোনীয়াৰ ঘৰলৈ লৰ দিলে আৰু মানুহক দেখুৱাই ছোনীয়াক খাতনি ধৰিলে যে তেখেতে সভাপতিৰ আসন সুশোভিত কৰিব লাগে ৷ ছোনীয়া গান্ধীয়েও প্ৰস্তাৱ মানি ল'লে ৷ সভাৰ প্ৰস্তাৱৰ প্ৰতিলিপি দেখুৱাই দেশযুৰি মিডিয়াৰ মাধ্যমেৰে এক গোকাট মিছা কথা প্ৰচাৰ কৰা হ'ল যে চিতাৰাম কেচৰীয়ে পদত্যাগ কৰিছে আৰু CWC ৰ সভাত সৰ্বসন্মতি ক্ৰমে ছোনীয়া গান্ধীক সভাপতি নিৰ্বাচন কৰা হৈছে ৷ তাৰপিছত 6 এপ্ৰিল 1998 চনত বিধিঅনুসাৰে ছোনীয়া গান্ধী AICCৰ সভাপতি পদত বহে ।


© হেমন্ত দাস।

0/Post a Comment/Comments

Stay Conneted

Boxed Version