
আপুনি নখ কামুৰে নেকি?
আমাৰ মাজৰ এনে বহু লোক আছে যাৰ নখ কামুৰাৰ অভ্যাস আছে,সেই নখ দাতেৰে কামুৰাৰ ফলত কি কি হব পাৰে আপুনি জানেন?
আমাৰ হাতৰ আঙুলিতকৈ , নখত বেছি লেতেৰা থাকে। ইয়াত বেক্টেৰিয়া থকাৰ আশংকা বহুত বেছি, নখ কামুৰিলে চান্মুনেলা , ই-কলাই দৰে ৰোগজনক বেক্টেৰিয়া শৰীৰৰ ভিতৰলৈ যায় । নখ কামুৰিলে আপোনাৰ পেৰৌনেচিয়া দৰে চালৰ ৰোগ হব পাৰে, পেৰৌনেচিয়া যি আমাৰ নখৰ ওচৰত থকা চাল সমূহত থাকে। লগতে নখ কামুৰিলে ডাৰমেটৌফেজিয়া বেমাৰ হোৱা দেখা যায় যাৰ ফলত নখত ঘা লাগে আৰু ইয়াৰ ওচৰে পাজৰে থকা কোষবোৰ বহুত ক্ষতি হয়। নখ কামুৰিলে নখত থকা লেতেৰা সমূহ আমাৰ দাতৰ লৈকে যায় যাৰ ফলত আমাৰ দাত কমজোৰ হৈ পৰে আৰু ভঙাৰ সম্ভাৱনা থাকে।
নখ কামুৰিলে.P.V (হিউমেন পাপিলৌ ভাইৰাচ) হয় যাৰ ফলত নখ বা আমাৰ ওঠত ঘা লাগে। নখ কামুৰিলে নখৰ ভিতৰৰ লেতেৰা সমূহ যেতিয়া আমাৰ পেটৰ ভিতৰলৈ যায় তেতিয়া পেটৰ ভিতৰত ইনফেকচনোও হব পাৰে। সেয়ে এই অভ্যাস ত্যাগ কৰা উচিত।

Post a Comment