"কিম্ জং ঊনৰ" দেশৰ নীতি নিয়ম আপুনি জানেনে?

  •              

কিম্ জং ঊনৰ" দেশৰ নীতি নিয়ম আপুনি জানেনে?


উত্তৰ কোৰিয়াত সাধাৰণ জনতাই নিজৰ ইচ্ছা অনুযায়ী যিকোনো ষ্টাইলত চুলি কাটিব নোৱাৰে । ইয়াৰ বাবে উত্তৰ কোৰিয়াই পুৰুষ মহিলাৰ বাবে ২৮ টা চুলি কটা ষ্টাইল ধৰা বন্ধা নিয়ম বান্ধি দিছে ইয়াৰে ১৮ টা মহিলা সকলৰ বাবে আৰু ১০ টা পুৰুষৰ বাবে । যদি কোনোবাই এই বান্ধি দিয়া ষ্টাইলৰ দৰে চুলি নাকাটে তেন্তে তেওঁক চৰকাৰী ভাবে শাস্তি দিয়া হয় । কিন্তু এই শাস্তি কোনো এলাপেছা শাস্তি নহয় হয়তো মৃত্যুদণ্ড নাইবা যাৱত জীৱন কাৰাদণ্ডও হ'ব পাৰে । এই শাস্তি কিম্ জং ওপৰত নিৰ্ভৰ কৰিব । চুলি কটা আইন খনত উল্লেখ কৰা আছে যে কোনে কিমান দীঘল চুলি ৰাখিব পাৰিব।  ডেকা পুৰুষ সকলৰ বাবে ২ ইঞ্চি আৰু বয়সস্থ পুৰুষ সকলৰ বাবে ৩ ইঞ্চি । মহিলাৰ ক্ষেত্ৰত বিয়া নোহোৱা ছোৱালী সকলে চুলি দীঘলকৈ ৰাখিব পাৰিব আৰু বিয়া হোৱা মহিলাই চুলি চুটিকৈ কাটিব লাগিব। কিন্তু কিম্ জং ঊনৰ চুলি কটা ষ্টাইল অন্য পুৰুষৰ দৰে নহয় বা পুৰুষক বান্ধি দিয়া ১০ টা ষ্টাইলৰ লগত নিমিলে। তেওঁ চুলি ৩ ইঞ্চিত কৈও দীঘল ৰাখিব পাৰে ।
           উত্তৰ কোৰিয়াৰ নিতি নিয়তি কেৱল এইয়াই যথেষ্ট নহয় আৰু বহুতো নিতি নিয়ম কিম্ জং ঊনৰ আদেশে মানি চলিব লাগে । যেনে চচিয়েল মিডিয়া যিকোনো চাইট খুলিব নোৱাৰে, গুগল, ফেচবুক, ইউটিউব আদিও Access কৰিব নোৱাৰে।
তেনে বোৰ দেশত স্বাধীনতা কম উন্নতি বেছি, আমাৰ ভাৰতত স্বাধীনতা বেছি উন্নতি কম, নহয় জানো?


0/Post a Comment/Comments

Stay Conneted

Boxed Version