বিবাহৰ উপযুক্ত পাত্ৰ বিছাৰি দিলে অভিনৱ প্ৰস্তাৱ দেউতাকে দৰাক দিব 2 কোটি 21 লাখ টকা
থাইলেণ্ডৰ অন্যতম ধনকুবেৰ আৰনন ৰদথং ৰ ২৬ বছৰীয়া জীয়ৰীক বিবাহ দিবলৈ ওলাইছে। উপযুক্ত পাত্ৰ বিছাৰি ধনকুবেৰ জনে এক অভিনৱ এক প্ৰস্তাব ৰাখিছে। তেওঁৰ ছোৱালীক যিজনে বিয়া কৰিবলৈ ৰাজি হব তেঁও পাব 2 কোটি 21 লাখ ।
ডেইলি মেইলৰ খবৰত কোৱা হৈছে , আৰনন ৰদথংৰ ঘৰ থাইলেণ্ডৰ চুমফুন প্ৰদেশত । তেওঁ জীয়ৰী কাৰ্নচিতাৰ বাবে উপযুক্ত পাত্ৰ বিছাৰি ফুৰিছে । তেওঁৰ ছোৱালীক বিয়া কৰোৱাজনক তেও ১০ লাখ থাই বাথ ( ভাৰতীয় হিচাপত 2 কোটি 21 লাখ 43 হাজাৰ টকা ) দিম বুলি ঘোষণা কৰিছে ।
ছোৱালীজনীৰ নিৰপদ ভবিষ্যতৰ কথা চিন্তা কৰি তেওঁ টকাখিনি দিয়াৰ ঘোষণা কৰিছে। ইংৰাজী জনা কাৰ্নচিতাই কৃষি কামত দেউতাকক সহায় কৰে। সেয়ে তেওঁ পাত্ৰৰ যোগ্যতা সম্পৰ্কে কিছু চৰ্তও ৰাখিছে ।
তেওঁ কোৱামতে , যিজন ল'ৰাই ছোৱালীজনীক বিয়া কৰিবলৈ বিছাৰিব , তেওঁ পৰিশ্ৰমী হব লাগিব লগতে তেওঁৰ ছোৱালীজনীক সুখত ৰাখিব পৰা হব লাগিব"।
আৰনন ৰদথং হ'ল মূল্যবান দুৰিয়ান ফলৰ বাগানৰ মালিক। থাইলেণ্ডৰ দক্ষিণাঞ্চলীয় চুমফন প্ৰদেশত তেঁওৰ আছে ফলৰ বাগান। ছোৱালী কাৰ্নচিতাই ব্যবসায়তো দেউতাকক সহায় কৰে
আৰনন ৰথদংএ তাঁৰ ছোৱালীজনীৰ ভবিষ্যৎ জোৱাইক সুবিশাল ফলৰ বাগানৰ মালিকীস্বত্বও লিখি দিব । ফলৰ বাগানখন থাইলেণ্ডৰ সেই অঞ্চলৰ সকলোতকৈ ডাঙৰ বাগান । বাগানখনৰ বাজাৰমূল্যও কেইবা মিলিয়ন ব্ৰিটিশ পাউন্ড ।
আৰনন ৰদথংৰ লৰাসহ আৰু সন্তান আছে। কিন্তু তেওঁ কৈছে , সকলো সম্পদ কাৰ্নচিতাৰ ভবিষ্যৎ স্বামীক অৰ্পণ কৰিব।
থাইলেণ্ডৰ বেছ কিছু এলেকাৰ ঐতিহ্যই আছে যে, বিয়াত পাত্ৰ পক্ষই কন্যা পক্ষক যৌতুক দিব লাগে । ৰদথংএ কৈছে যে তেওঁ এই প্ৰথা ভাঙিবলৈ ইচ্ছুক।
কাৰ্নচিতাই ইংৰাজী আৰু চীনা ভাষাত অনৰ্গল কথা কব পাৰে । স্বামী হিচাপে কেনে মানুহ তাই বিছাৰে তাৰ উত্তৰত কৈছে , ‘দেউতাই মোৰ ভবিষ্যৎ স্বামী খোঁজাৰ যি কথা ঘোষণা কৰিছে , সেই বিষয়ে মই একো নাজানো।
দেউতাকৰ ঘোষণাই বিস্মিত কৰাবুলি জনাই কাৰ্নচিতাই লগতে কৈছে , কাৰোবাৰ লগত যদি বিয়াত বহিব লগা হয়, মই সেই লৰাজনক বিয়া কৰিব খুজিম—যিজন হব খুবেই পৰিশ্ৰমী, ভাল মানুহ তদুপৰি নিজৰ পৰিয়ালক ভালপোৱা হব লাগিব ।’
এতিয়া বহুতেই হয়তো তাইৰ দেউতাকৰ পকেটৰ টকা বিছাৰিব বুলিও মন্তব্য কৰিছে।
ইয়াত ক্লিক কৰি আপুনিও NEWS পোষ্ট কৰক
ইয়াত ক্লিক কৰি আপুনিও NEWS পোষ্ট কৰক




Post a Comment