চীনৰ দুই AIV এংকৰক কেন্দ্ৰ কৰি বিস্ময়
ডিজিটেল ডেস্কঃ আৰ্টিফিচিয়েল ইন্টেলিজেন্স, চমুকৈ AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা । এই AI-কে এক নতুন মাত্ৰা দিবলৈ সমৰ্থ হৈছে চুবুৰীয়া চীনে । কিছুদিন পূৰ্বে নকল চন্দ্ৰৰে নগৰ-মহানগৰ পোহৰাই তোলাৰ পৰিকল্পনাৰে সকলোকে হতচকিত কৰি তুলিছিল এই দেশ খনে ।ৰাষ্ট্ৰীয় টিভি চেনেল ঝিনুহাৰ জৰিয়তে এক দীৰ্ঘদিনীয়া সপোনক বাস্তৱ ৰূপ দিবলৈ সমৰ্থ হয় দেশখনৰ বিজ্ঞানীমহল ।চীনৰ শেহতীয়া এই সাফল্যৰ পিছতে সমগ্ৰ বিশ্বৰ সংবাদ জগতখনত অতি শীঘ্ৰে এক বৈপ্লৱিক পৰিৱৰ্তন দেখা পোৱাতো প্ৰায় নিশ্চিত হৈ পৰিছে। কিন্তু পৰিৱৰ্তনটোনো কি ? পৰিৱৰ্তন এয়াই যে টিভিৰ পৰ্দাত বা ইণ্টাৰনেটৰ ভিডিঅ’ত এংকৰৰ ৰূপত আৰু দেখিবলৈ পোৱা নাযাব আপোনাৰ চিনাকি সাংবাদিক সকলক ।এংকৰৰ ৰূপত চিনাকি সাংবাদিকৰ পৰিৱৰ্তে টিভি চেনেল আৰু অনলাইন ভিডিঅ’ত দেখিবলৈ পাব কৃত্ৰিম বুদ্ধিমত্তাৰ গৰাকী দেখিবলৈ সাইলাখ মানুহৰ দৰে ৰবটক । ইতিমধ্যে যোৱা ৮ নৱেম্বৰত চীনৰ চৰকাৰী টিভি চেনেল ঝিনুহাই পৰীক্ষামূলকভাৱে সফলতাৰে ভাৰ্চুৱলে এংকৰৰ জৰিয়তে বাতৰি সম্প্ৰচাৰ সম্পন্ন কৰে । কৃত্ৰিম বুদ্ধিমত্তাৰ গৰাকী ভাৰ্চুৱলে এংকৰকেইজনক প্ৰথম অৱস্থাত কোনো দৰ্শকে ৰবট বুলি অনুমানেই কৰিব পৰা নাছিল। সকলোৱে ধৰি লৈছিল যে চেনেলটোত দুজন নতুন সাংবাদিকে যোগদান কৰিলে ।
দুই-এজন সচেতন দৰ্শকে টিভিৰ পৰ্দাত যেতিয়াই AI Virtual Anchors বুলি লিখা থকা কথাটোলৈ মন কৰিলে তেতিয়াহে ধৰিব পাৰিলে যে চেনেলটোত কোনো নতুন এংকৰে যোগদান কৰা নাই ।বিপৰীতে নতুন এংকৰ দুজন একো একোটা ৰবটহে । কিছুসময় পিছতে চেনেলটোৱে যেতিয়া এই কথা অানুষ্ঠানিকভাৱে ঘোষণা কৰিলে তেতিয়া প্ৰতিজন দৰ্শক হতচকিত হৈ পৰাৰ লগতে সমগ্ৰ বিশ্বতে এক প্ৰকাৰ আলোড়নৰ সৃষ্টি হয়। ইয়াৰ পিছতে চীনৰ তথ্য সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ সূত্ৰই ছাউথ চাইনা মৰ্নিং পোষ্টক সদৰী কৰা মতে, দুয়োজন ভাৰ্চুৱেল এংকৰকে আনুষ্ঠানিকভাৱে ঝিনুহা নিউজ এজেন্সীৰ ৰিপ’ৰ্টিং টীমৰ সদস্য হিচাপে ধৰা হৈছে । তেওঁলোকেও আন সাংবাদিকসকলৰ সৈতে এতিয়াৰে পৰা পূৰ্ণোদ্যমৰে কাম আৰম্ভ কৰিব বুলিও জনাইছে ঝিনুহাৰ শীৰ্ষ সূত্ৰই ।ঝিনুহা আৰু চীনা ছাৰ্চ ইঞ্জিন Sogouৰ যুটীয়া উদ্যোগত এদল বিজ্ঞানীয়ে দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত কণ্ঠৰ লগতে মুখৰ ভাৱ-ভংগীকো মানুহৰ দৰে ৰূপ দি এই কৃত্ৰিম বুদ্ধিমত্তা সংলগ্ন ভাৰ্চুৱেল এংকৰ দুজনক গঢ়ি তুলিছে। কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত দুয়োটা ৰবট এংকৰে প্ৰকৃত এংকৰৰ দৰেকৈ উপস্থাপন কৰিব পাৰে প্ৰতিটো বাতৰি ।


Post a Comment