পাকিস্তানৰ পিএম ইমৰাণ খানক ২০২০ ৰ শান্তিৰ নবেল বঁটাৰ বাবে নমিনেচন কৰা হৈছে নেকি
হয় কথাটো সঁচা।পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ নাম ২০২০ শান্তিৰ নবেল বঁটাৰ বাবে পাকিস্তানীসকলে মত উত্থাপন কৰিছে। কেইদিনমান আগেয়ে পাকিস্তানে গেপ্তাৰকৰা ভাৰতীয উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমানক ইমৰাণ খানে মুক্তি কৰি দি বাকী বিশ্ববাসীৰ মনত মহানুভৱতাৰ প্ৰদৰ্শন দাঙি ধৰিছিল। অবশ্যেই ইয়াৰ বাবে তেঁওৰ কোনো দ্বিতীয় পন্থা নাছিল । সি যি কি নহওঁক তেওঁৰ এই কামৰ বাবে শান্তিৰ নবেল বঁটাত তেওৰ নামটোও নমিনেচন কৰা হৈছে।ইয়াকে লৈ কালি আনকি ইমৰাণ খানে নিজৰ টুইটাৰত এইবুলি টুইট কৰিছেঅৰ্থাৎ
মই শান্তিৰ নবেল বঁটাৰ বাবে যোগ্য নহয়। ইয়াৰ বাবে যোগ্য ব্যক্তি তেঁওহে যিজনে কাশ্মিৰীসকলৰ ইচ্ছানুসৰি কাশ্মীৰ বিবাদৰ সমাধান কৰে আৰু উপমহাদ্বীপত শান্তি আৰু মানব বিকাশৰ মাৰ্গ প্ৰশস্ত কৰে।
ইমাৰাণ খানৰ এই টুইত প্ৰতিক্ৰিয়াত চলিছে সৰ্বত্ৰে ছচিয়েল মিডিয়াত আনকি বহু পোষ্ট কৰা হৈছে।
উল্লেখযোগ্য যে ১ মাৰ্চ ২০১৯ ত , #NobelPeacePrizeForImranKhan নামৰ হেশ্বটেগটোৱে টুইটাৰত ট্ৰেন্ডিৰ শীৰ্ষত আছিল।
শেষত যি কি নকলেও এয়া কব পাৰি,
"এইবাৰ বোন্দা হল ভকত"
তলত থকা facebook আৰু whatsapp বুটামত ক্লিক কৰি facebook timeline ত আৰু whatsapp status ত share কৰকচোন । কমেন্ট বক্সত আপোনাৰ মতামত লিখক ।






Post a Comment