নিৰ্মাণ কৰা হব পলোৱামা কাণ্ডৰ ওপৰত ছবি। চলি আছে প্ৰস্তুতি
এই বৰ্ষৰ "উৰি- দা চার্জিকেল ষ্ট্ৰাইক" সেনাবাহীনীৰ ওপৰত নিৰ্মাণ কৰা ছবিখন অতি জনপ্ৰিয়তাৰ পিছতেই বলিয়ুডত পোলোৱাম কাণ্ডৰ ওপৰত দ্বিতীয়খন ছবি নির্মাণ কৰাৰ প্ৰস্তুতি চলি আছে। জানিব পৰা মতে এই ছবিখনৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিব বিখ্যাত পৰিচালক সঞ্জয় লীলা ভানচালিয়ে ।
14 ফেব্ৰুৱাৰীত কাশ্মীৰৰ পোলোৱামত এক নাৰকীয় কাণ্ড পাকিস্তানে সংঘটিত কৰিছিল। যত 40 জন ভাৰতীয় চি আৰ পি ফ জোৱানে মৃত্যুক আঁকোৱালি লব লগা হৈছিল। ইয়াৰ পিছতে এই ঘটনাৰ দায়িত্ব লোৱা পাকিস্তানৰ জেইছ ই মহম্মদ সংগঠনৰ বহুত কেইটা ঘাটি ভাৰতীয় বায়ুসেনাই ধ্বংস কৰে । পাকিস্তানৰ পুনৰ ভাৰতৰ সীমাত সোমোৱা বিমান খেদি গৈ পাকিস্তানৰ প'ক(Pok) অঞ্চলত ভাৰতৰ মিগ-২১ বিনষ্ট হয়। সেই বিমানৰ পাইলতৰ দায়িত্বত থকা অভিনন্দন বদ্ধমানক পাকিস্তানী সকলে আটক কৰে। কিন্তু আটক হোৱাৰ সময়তো তেখেতে বীৰত্ব দেখুৱায়। 60ঘণ্টাৰ পিছত পুনৰ তেখেতক মাতৃভূমিলৈ প্ৰেৰণ কৰা হয়। এই ঘটনাটোৰ আধাৰতে নতুন ছবি নিৰ্মাণৰ কথা ভবা হৈছে।
এই ছবিখনৰ বাবে ভাৰতৰ বহু কেইজন চিত্ৰনিৰ্মাতাই লগ হৈ বহুতো পৰিকল্পনা কৰি থকা হৈছে । তেওঁলোকৰ হৈছে - সঞ্জয় লীলা ভানচালি ( পৰিচালক - পদ্মৱাত, ৰাম লীলা) , মহাবীৰ জৈন( প্রযোজক - চল জিতে হে), ভূষণ কুমাৰ( প্ৰযোজক- বেবী, আয়ৰলিফট), অভিষেক কাপোৰ( পৰিচালক- কাই প' সে, কেডাৰনাথ)। জানিব পৰা মতে ছবিখন ভাৰতীয় জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ নামত উছৰ্গিত কৰা হব লগতে ছবিখনৰ পৰা যিমান লাভ হয় তাৰে এটা অংশ জোৱানসকলৰ কল্যাণ আঁচনিলৈ প্ৰেৰণ কৰা হব।
ছবিখনৰ লগত জড়িত কিছু লোকৰ পৰা জানিব পৰা গৈছে যে ছবিখনৰ recharge আৰু development ৰ কাম কৰি আছে । ছবিখন 2019 বৰ্ষৰ মাজভাগৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হব। ছবিখনৰ অভিনয়ৰ ক্ষেত্ৰত বহু কেইজন নামিদামি অভিনেতাৰ নাম সন্নিবিষ্ট হৈছে।
ছবিখনৰ নাম এতিয়ালৈকে থিৰাং হোৱা নাই ।।
তলত থকা facebook আৰু whatsapp বুটামত ক্লিক কৰি facebook timeline ত আৰু whatsapp status ত share কৰকচোন । কমেন্ট বক্সত আপোনাৰ মতামত লিখক ।



Post a Comment