P&RD নিযুক্তি কেলেংকাৰী, এইবাৰ মুখ খুলিল অখিল গগৈয়ে।
P&RD নিযুক্তি কেলেংকাৰীৰ CBI তদন্তৰ দাবী অখিল গগৈৰ। P&RD অসমৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰী, মুখ্যমন্ত্ৰীৰ তদন্তৰ ঘোষণাই কেলেংকাৰী সংঘটিত হোৱাৰ প্ৰমাণ হ’ল, নিযুক্তি বাতিল কৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী অখিল গগৈৰ। পূৰ্বেই পৰীক্ষাৰ ফলাফল ঘোষণাত বাধা দিছিল ন্যায়ালয়ে। CIDৰ প্ৰতিবেদন অনুসৰি ১৪খন জিলাত পৰীক্ষা অনুষ্ঠিত হৈছিল, ইয়াৰে ৯ জিলাৰে ১৮টা কেন্দ্ৰত কেলেংকাৰী সংঘটিত হৈছিল, অকল ৰঙিয়া কেন্দ্ৰত কেলেংকাৰী হোৱা বুলি তথ্য দিছিল P&RD বিভাগে, ন্যায়ালয়ত ভুল তথ্য দিয়াৰো অভিযোগ অখিল গগৈৰ। পৰীক্ষা অনুষ্ঠিত কৰা ব্লুম ইলেকট্ৰনিকছ প্ৰাইভেট লিমিটেড বিজেপি নেতা ৰাম মাধৱৰ, ইতিমধ্যে প্ৰফুল্ল মহন্তই এই কথা কৈছিল বুলিও উল্লেখ কৰে অখিল গগৈয়ে। কেলেংকাৰীৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা জিষ্ণু বৰুৱা এজন ভয়াতুৰ লোক বুলিও মন্তব্য গগৈৰ। মুখ্যমন্ত্ৰী সোণোৱালক ইতিহাসৰ আটাইতকৈ দুৰ্বল মুখ্যমন্ত্ৰী বুলিও সংবাদমেলত অভিহিত কৰে কৃষক নেতাজনে।
Post a Comment