পাকিস্তানক সকিয়নী বিদেশ মন্ত্ৰণালয়ৰ
পাকিস্তানে সন্ত্ৰাসবাদ দমনৰ বাবে কোনো ব্যৱস্থা লোৱা নাই, সন্ত্ৰাসবাদী সমস্যাক গুৰুত্ব সহকাৰে লোৱা নাই চুবুৰীয়া দেশখনে-দিল্লীত সংবাদমেলত পাকিস্তানক সকীয়নি বিদেশ মন্ত্ৰণালয়ৰ।
পাকিস্তানে ভাৰতত আক্ৰমণৰ বাবে F-16 ব্যৱহাৰ কৰিছে, F-16 বিমান ভূপতিত কৰাৰ প্ৰমাণ আমাৰ হাতত আছে। আমি কেৱল এখন বিমান হেৰুৱাইছোঁ, পাকিস্তানে দ্বিতীয়খন বিমান ভূপতিত কৰাৰ অভিযোগৰ কোনো প্ৰমাণ দিয়া নাই, সন্ত্ৰাসবাদীৰ আশ্ৰয়স্থল দেশখনে ভিত্তিহীন দাবী কৰিছে বুলিও উল্লেখ বিদেশ মন্ত্ৰণালয়ৰ। কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জঈশ-ঈ-মহম্মদে পুলৱামাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে, ৰাষ্ট্ৰসংঘই জঈশৰ হাত থকাৰ কথা উল্লেখ কৰিছিল। ভাৰত আৰু ৰাষ্ট্ৰসংঘৰ উদ্বিগ্নতাৰ পিছতো পাকিস্তানে স্বীকাৰ কৰা নাই, বিপৰীতে জঈশৰ মুখপাত্ৰৰ দৰেহে আচৰণ কৰিছে পাকিস্তানে। বালাকোটত ভাৰতে পাক সন্ত্ৰাসবাদ নিৰ্মূলৰ সফল অভিযান চলালে, কিন্তু মিডিয়াক সংবাদ সংগ্ৰহৰ বাবে সেই স্থানলৈ যাবলৈ দিয়া নাই পাকিস্তানে। মাছুদ আজহাৰৰ ক্ষেত্ৰতো পাকিস্তানে কোনো ভূমিকা নোলোৱাৰ অভিযোগ ভাৰতৰ।



Post a Comment