বলিউদৰ নায়ক-নায়িকা দম্পতি চাইফ আলি খান-কৰিনা কাপুৰৰ সন্তান টাইমুৰ চচিয়েল মিডিয়াৰ সদায় ট্ৰেণ্ডিঙত থাকে। মা দেউতাকে তেঁওক লৈ ক'ত যায়? কি কৰিছে? সকলো ফটোই হয় ভাইৰেল।
জন্মৰ পৰা আজি পৰ্যন্ত , টাইমুৰে কি কৰিছে, কি খাইছে সকলো সংবাদ মাধ্যম বা চচিয়েল মিডিয়াত প্ৰকাশ পাইছে। টাইমুৰৰ ফলোৱাৰৰ সংখ্যাৰ আগত আনকি ডাঙৰ তাৰকাও হাৰ মানিছে। তাতে আকৌ বলিউডৰ এগৰাকী নায়িকাৰ ক্ৰাচ এই সৰু টাইমুৰ
সর্বভাৰতীয় সংবাদ মাধ্যমৰ এক প্রতিবেদন অনুসৰি , তাপচি পান্নুই বোলে টাইমুৰৰ সৈতে ডেটত যাবলৈ খোজে । সম্প্রতি আহিবলগীয়া ছবি ‘বদলা’ৰ প্রচাৰৰ সময়ত তাপচিকে প্ৰশ্ন কৰা হৈছিল , বলিউদৰ কোন অভিনেতাৰ সৈতে ডেটত যাবলৈ খোজে। উত্তৰত তাপচিয়ে কলে , ‘বলিউড? মই কি টাইমুৰক ডেটত নিবলৈ পাৰিম ?’ এনেকুৱা উত্তৰ দি নিজে হাঁহি উঠিল তাপচি।
উল্লেখ্যযোগ্য যে সুজয় ঘোষ পৰিচালিত ছবি ‘বদলা’ত অভিনয় কৰিছে অমিতাভ বচ্চন, তাপচি পান্নু।


Post a Comment