বৰপেটাত বিয়া এৰি দৰা পলায়ন কইনাঘৰত হুৱাদুৱা
চচিয়েল মিডিয়াত বেছিভাগ খৱৰ বিতৰ্ক আৰু ঋনাত্মক চিন্তাৰ হৈ পৰিছে তাৰ মাজেদি এটা দুটা এনে খৱৰ আহে সকলো মলিনতা ধুই লৈ যায়
ফটোত দেখা বিয়া খন সাধাৰন বিয়া নহয় ৷ যোৱাৰাতি বৰপেটা জিলাৰ শিঙিমাৰি অঞ্চলত এগৰাকী যুবতীৰ বিয়া আছিল ৷ বিয়াত গৈছিল পাঠশালাৰ আনন্দৰাম বৰুৱা একাডমীৰ এজন কাৰ্যালয় সহায়ক হিমাংশু কলিতা ৷ ঘৰ পাঠশালাৰ ওছৰৰ তিতকা গাওঁত।
ৰাতি দৰা আহিব সময় হৈ আহিছিল ৷ হঠাৎ খৱৰ আহিল বিয়া এৰি দৰা পলায়ন কৰিলে ৷ কইনাঘৰত তেতিয়া হুৱাদুৱা ৷ সেই সময়ত নিশা ১০ বজাত এই যুবক জনে সকলোকে আছৰিত কৰি এটা অসাধৰন সিদ্ধান্ত লৈ পেলালে ৷ তেওঁ সেই কইনাজনীক কালি ৰাতিয়ে পত্নীৰুপে গ্ৰহন কৰিলে ৷ তেখেতৰ এই মহান কৰ্মক কি ভাষাৰে বুজাম ভাবিব পৰা নাই ৷ জাতি /ধৰ্ম/বৰ্ন লৈ বিভেদ হব ধৰা এই সমাজৰ এটা আশাৰ কিৰন হিমাংশু ৷ আহক আমি নব-দম্পতীৰ দাম্পত্যজীৱনৰ শুভকামনাৰ বাবে ওপৰৱালাৰ ওছৰত প্ৰাৰ্থনা /দোৱা কৰো ৷


Post a Comment