বিস্ফোৰকে উৰুৱাই দিলে নীৰৱ মোডীৰ ১০০ কোটি টকীয়া অট্টালিকা।



বিস্ফোৰকে উৰুৱাই দিলে নীৰৱ মোডীৰ ১০০ কোটি টকীয়া অট্টালিকা


নীৰৱ মোডীৰ ১০০ কোটি টকীয়া অট্টালিকা ৩০ কিলোঁ বিস্ফোৰকৰে উৰুৱাই দিলে । ১৩ হেজাৰ কোটিটকীয়া পঞ্জাৱ নেচনেল বেংকৰ কেলেংকাৰীৰ মূল অভিযুক্ত নীৰৱ মোডীৰ ১০০ কোটিটকীয়া বিলাসী অট্টালিকা এটা শুকুৰবাৰে ধ্বংসস্তূপত পৰিণত কৰে প্ৰশাসনে। মনকৰিবলগীয়া যে পঞ্জাৱ নেচনেল বেংকৰ ১৩০০০ কোটি আত্মসাত কৰি ভাৰতৰ পৰা পলায়ন কৰি বিদেশত আত্মগোপন কৰি আছে নীৰৱ মোডী।

আজি ধংসস্তূপত পৰিণত কৰা নীৰৱ মোডীৰ ১০০ কোটিটকীয়া বিলাসী অট্টালিকাটো আছিল মহাৰাষ্ট্ৰৰ সমুদ্ৰ তীৰৰ আলিবাগ নামৰ এলেকাত। ২০১১ চনত ৩৭৪ বৰ্গ মিটাৰ অট্টালিকা নিৰ্মাণ কৰিবলৈ অনুমতি লাভ কৰিছিল নীৰৱ মোডীয়ে।


কিন্ত মোডীয়ে নিয়ম উলংঘা কৰি ১০০০ বৰ্গ মিটাৰ সামৰি অট্টালিকাটো নিৰ্মাণ কৰিছিল। আনহাতে কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ পাছতে নীৰৱ মোডী বিদেশলৈ পলায়ন কৰাত এনফৰ্চমেণ্ট ডিৰেক্টৰেটে ( ই ডি) তেওঁৰ সমুদ্ৰ তীৰত থকা অট্টালিকাটো জব্দ কৰিছিল।

একেসময়তে ঘৰটো অবৈধভাবে নিৰ্মান কৰাৰ বাবে তদন্ত আৰম্ভ কৰে স্থানীয় প্ৰশাসনে। অৱশেষত যোৱা ২৫ জানুৱাৰীৰ পৰা অট্টালিকাটো ভাঙি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰে প্ৰশাসনে। আজি অট্টালিকাটোৰ ভিতৰত ৩০ কিলোঁ বিস্ফোৰক ব্যৱহাৰ কৰি ৰিমৰ্ট কন্ট্ৰলৰে নিমিষতে ভাঙি চুৰমাৰ কৰে। মনকৰিবলগীয়া যে নীৰৱ মোডীৰ বিলাসী অট্টালিকাটোৰ সন্মুখত এখন ফুলনীও আছিল।

0/Post a Comment/Comments

Stay Conneted

Boxed Version