গোৱালপাৰা -মেঘালয়া সীমান্তত গ্ৰেপ্তাৰ দুটা ৰাইফল সহ এজন উগ্ৰপন্থী জোৱান


গোৱালপাৰা -মেঘালয়া সীমান্তত গ্ৰেপ্তাৰ দুটা ৰাইফল সহ এজন উগ্ৰপন্থী জোৱান


গণমত অসম 9 মাৰ্চ 2019: গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তত আৰক্ষীৰ অভিযানত যোৱা নিশা এজন গাৰো উগ্ৰপন্থী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে পাইকান- তুৰা ৰাষ্ট্ৰীয় ঘাই পথেৰে বাইক ৰে গৈ থকা অৱস্থাত আটক কৰে গাৰো উগ্ৰপন্থী জনক। গাৰো উগ্ৰপন্থী জনৰ লগত আটক কৰে দুটা ৰাইফল ৰ লগত কিছু গুলি উদ্ধাৰ কৰে।
জানিব পৰা মতে পূৰ্বৰে পৰা উগ্ৰপন্থী আটক ৰ বাবে খাপ পাতি আছিল সেনা আৰু আৰক্ষীৰ দলটো। লগে লগে যুৱক জনক কৃষ্ণাই আৰক্ষী চকীত গতাই দিয়া হয়। যুৱক জনৰ নাম ৱালতাৰ চাংমা। গাৰো উগ্ৰপন্থী সংগঠনত সক্ৰিয় সদস্য আছিল যদিও বহুত দিন পূৰ্বে আত্ম সমৰ্পণ কৰে যদিও আৰু সংগঠনত যোগদান দিয়া খবৰ পোৱা সূত্ৰে যোৱা নিশা গোপন সূত্ৰৰ পম লৈ আটক কৰে। বাইক খনৰ নম্বৰ AS 17 D 6925

0/Post a Comment/Comments

Stay Conneted

Boxed Version