অসমৰ তিনি সন্তানে সাজু হৈছে আইনবলৰ বিশ্বকাপৰ বাবে।
অসম বাসীৰ বাবে সুখবৰ। দৰং জিলাৰ দীপাংকৰ কলিতা আৰু অংকুৰ কলিতা আৰু গুৱাহাটীৰ নৱজ্যোতি বৈশ্যই ভাৰতীয় দলৰ হৈ আইনবল বিশ্বকাপ খেলিবলৈ গৈ আছে। অহা ২৫-৩০ মাৰ্চলৈ(২০১৯) মৰক্কোৰ কাচাব্লাংকা চহৰত প্ৰথম বাৰৰ বাবে আইনবলৰ বিশ্বকাপ অনুষ্ঠিত হ'বলৈ গৈ আছে। এই প্ৰতিযোগিতাত অসমৰ সুযোগ্য সন্তান তিনি গৰাকীয়ে শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে অসমৰ নাম উজ্বলাওক আৰু ভাৰতীয় দলটি বিশ্ব বিজয়ী হঁওক তাকেই কামনা কৰিলোঁ।
গণমত অসম সংবাদ দাতা # ভৃগু হাজৰিকা


Post a Comment