অৰুণাচলৰ প্ৰতিবাদত নিহত ৰ পৰিয়াললৈ লৈ সাহায্য

অৰুণাচলৰ প্ৰতিবাদত নিহত ৰ পৰিয়াললৈ সাহায্য 

অশান্ত জৰ্জৰ অৰুণাচল প্ৰদেশত ছয় জনগোষ্ঠীলৈ স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ দিবলৈ চৰকাৰে যো-জা কৰাত ক্ষুব্ধ হৈ পৰা প্ৰতিবাদী জনতাক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হোৱাত দুজন প্ৰতিবাদকাৰী নিহত হৈছিল।

প্ৰতিবাদত নিহতৰ পৰিয়াললৈ ২০ লাখ টকাকৈ দিয়াৰ লগতে পৰিয়ালৰ এজনক চৰকাৰী চাকৰি দিব বুলি সংবাদমেলত ঘোষণা অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। গুৰুতৰভাৱে আহতসকলক দিয়া হ’ব ১০ লাখ টকাকৈ।

মুখ্যমন্ত্ৰীজনে লগতে কয় যে ৰাজ্যখনক অজনজাতীয় লোকক পি আৰ চি নিদিয়াৰ কথা চৰকাৰে আগতেই ঘোষণা কৰিছিল আৰু এই সমগ্ৰ ঘটনাৰ লগত  কোনো এক তৃতীয় পক্ষ জড়িত আছে। ইতিমধ্যে উক্ত ঘটনাৰ তদন্ত ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

0/Post a Comment/Comments

Stay Conneted

Boxed Version