উত্তৰ কোৰিয়াত ১০০ শতাংশ ভোটত জয়ী হৈ আকৌ প্ৰেচিডেন্টত নিৰ্বাচিত হৈছে দেশখনৰ নেতা কিম জং উন



উত্তৰ কোৰিয়াত  ১০০ শতাংশ ভোটত  জয়ী হৈ আকৌ প্ৰেচিডেন্টত নিৰ্বাচিত হৈছে দেশখনৰ নেতা কিম জং উন


উত্তৰ কোৰিয়াত সাধাৰণ নিৰ্বাচনত ১০০ শতাংশ ভোটত  জয়ী হৈ আকৌ প্ৰেচিডেন্টত নিৰ্বাচিত হৈছে দেশখনৰ নেতা কিম জং উন।  এইবাৰ  এই নিৰ্বাচন  কিম জং উনৰ শাসনকালত অনুষ্ঠিত দ্বিতীয় নিৰ্বাচন।  এই নিৰ্বাচনত সকলো আসনত প্ৰাৰ্থীৰ সংখ্যা আছিল মাত্ৰ এজন। বিগত নিৰ্বাচনতো প্ৰতিখন  আসনত মাত্ৰ প্ৰতিদণ্ডী বিহীন ভাবে ১ জনেই প্ৰাৰ্থী নিৰ্বাচনত অংশগ্ৰহণ কৰিছে ।

বিবিচি'ৰ এক প্ৰতিবেদনৰ মতে  , দেশৰ সংসদ ‘চুপ্ৰিম পিপলচ্ এচেম্বলি’ৰ (এসপিএ) এই নিৰ্বাচনত প্ৰাৰ্থী মুঠ ৭০০ জন হলেও প্ৰতি আসনত প্ৰাৰ্থী মাত্ৰ ১জন হে আছিল । প্ৰতিদণ্ডিতা কৰিবলৈ কোনো আসনত বিকল্প  প্ৰাৰ্থী নাই। দেশৰ প্ৰচলিত নিয়ম অনুযায়ী ভোটৰ দিনা ভোটাৰসকলে  প্ৰতিখন আসনৰ বাবে নিৰ্ধাৰিত প্ৰাৰ্থীৰ নাম লিখা বেলট পেপাৰ বেলট বাকচত দিব লাগে ।’

জনা যায় যে, দেশখনৰ নিৰ্বাচনত ভোটাৰসকলে  বেলট সকলোৰে সমুখত পূৰণ কৰিব লাগে ।গোপনে ভোট দিয়াৰ  বা নিৰ্ধাৰিত প্ৰাৰ্থীৰ নাম কাটি দিয়াৰ পন্থা থাকিলেও কোনো ভোটাৰে যদি এই পদ্ধতি অবলম্বন কৰে তেওঁৰ উপৰত নজৰ ৰাখে হয় উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰীয় গোয়েন্দাবাহিনীয়ে।আনকি উত্তৰ কোৰিয়াৰ পূৰ্ববৰ্তী নিৰ্বাচনত যিসকল ভোটাৰে এই নিয়ম উলংঘা কৰিছে সিহতক দেশৰ চৰকাৰে ‘মানসিক ভাৰসাম্যহীন’ হিচাপে আখ্যা দিছিল ।

বিবিচি'ৰ প্ৰতিবেদনত কোৱা হৈছে , পাঁচ বছৰ অন্তৰত উত্তৰ কোৰিয়াৰ এচপিএ নিৰ্বাচনত ৭০০ জন প্ৰাৰ্থী ‘জনগণৰ ভালপোৱাত ’ নিৰ্বাচিত হৈ থাকে । প্ৰতিবাৰেই দেশৰ নিৰ্বাচনত  শাসক পৰিবাৰে ১০০% ভোট পায়েই জয়লাভ কৰি  থাকে।

0/Post a Comment/Comments

Stay Conneted

Boxed Version