অসমত আত্মপ্ৰকাশ কৰিলে মেঘালয়ৰ নেচনে পিপলছ পাৰ্টী (NPP)-য়ে


অসমত আত্মপ্ৰকাশ কৰিলে মেঘালয়ৰ নেচনে পিপলছ পাৰ্টী (NPP)-য়ে


‘NPP দলে উত্তৰ-পূবৰ বাবে মাত মাতি আহিছে, NPP এনেকুৱা দল যি দলে অসমৰ মূল ইছ্যুত মাত মতে৷ উত্তৰ পূবৰ সমস্যাত  মাতিবলৈ আমাৰ পতাকা অসমত ঠিয় কৰিছোঁ৷ কাৰণ দিল্লীয়ে আমাৰ কথা সহজে নুশুনে।’– এই মন্তব্য কনৰাড চাংমাৰ।
গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় NPPৰ সংবাদমেল। ১৪টা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ২২ অথবা ২৩ মাৰ্চত প্ৰকাশ পাব চূড়ান্ত তালিকা। NPP-এ অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। উত্তৰ-পূবৰ ২৫খন আসনতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব দলটোৱে। কমেও ১০খন আসন পোৱাৰ আশা দলটোৰ আৰু অসমত ৫খন আসন পোৱাৰ দাবী NPPৰ। উত্তৰ-পূবক এক কৰা, ঔদ্যোগিক উন্নয়নত, দক্ষতা বিকাশ আৰু নিবনুৱা সমস্যা সমাধান কৰাত গুৰুত্ব দলটোৰ। ভৱিষ্যতে CABৰ বিৰোধিতা কৰি যাব দলটোৱে।

0/Post a Comment/Comments

Stay Conneted

Boxed Version