অসম আন্দোলনত গুলীবিদ্ধলৈ আৰু আন্দোলনত শ্বহীদৰ আত্মীয়লৈও সাহায্য চৰকাৰৰ
অসম চুক্তি ৰূপায়ণ বিভাগৰ এককালীন সাহায্য প্ৰদান। ৩৯৬ গুলীবিদ্ধ আৰু নিকটাত্মীয়লৈ এককালীন সাহায্য প্ৰদান। প্ৰথম পৰ্যায়ত ২৬৮গৰাকীক মানপত্ৰ আৰু সাহায্য প্ৰদান। ২ লাখকৈ এককালীন সাহায্য প্ৰদান ৰাজ্য চৰকাৰৰ।মহানগৰীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত অনুষ্ঠিত হৈছে এই অনুষ্ঠান। ‘বিদেশীমুক্ত অসমৰ স্বাৰ্থত ৬ বছৰীয়া গণ আন্দোলন হৈছিল, প্ৰথম পৰ্যায়ত চৰকাৰৰ এককালীন সাহায্য আগবঢ়োৱা হৈছে।’– সাহায্য প্ৰদান কৰি এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ‘সীমান্ত ছীল কৰা কামটো পূৰ্বৰ চৰকাৰে গুৰুত্ব দিয়া নাছিল, প্ৰধানমন্ত্ৰীয়ে দায়িত্ব লৈয়েই লেণ্ড বাউণ্ডেৰী চুক্তিৰ স্বাক্ষৰ কৰিছিল, এই পদক্ষেপৰ বাবেই বাংলাদেশ সীমান্ত ছীল হোৱাৰ পথত, ৫নং দফা কোনো চৰকাৰে ডিটেকচন প্ৰক্ৰিয়া আগবঢ়োৱা নাছিল, NRC ন্যায়ালয়ৰ তৎপৰতাত ক্ষীপ্ৰতাৰে আগবঢ়োৱা হৈছে।’– এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। ২২খন জিলাৰ ২৬৮গৰাকীক মানপত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ। বেংক একাউণ্টযোগে প্ৰদান ২ লাখকৈ এককালীন সাহায্য।



Post a Comment