কাশ্মীৰত পুনৰ গ্ৰেণেড আক্ৰমণ : এইবাৰ বাছত।
পোলোৱামা কাণ্ডৰ জুই এতিয়া কাশ্মীৰত উমি উমি জ্বলি আছে । কাশ্মীৰত প্ৰতিদিনে সন্ত্ৰাসবাদী নিহত হৈছে । লগতে দেশৰ জোৱান সকলো নিহত হৈছে। ইয়াৰ মাজতে আজি জম্মুৰ এখন বাছত বিস্ফোৰণ হোৱাৰ খবৰ আহিছে। এই বিস্ফোৰণ গ্ৰেণেড দলিওৱাৰ ফলত সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। এজন সন্ত্ৰাসবাদীয়ে নিজৰ পেন্টৰ পকেটৰ ভিতৰত গ্ৰেণেডটো লৈ আনিছিল আৰু বাছখনক লক্ষ্য কৰি নিক্ষেপ কৰি তেওঁ তাৰ পৰা পলায়ন কৰে ।
উক্ত ঘটনাটোত প্ৰায় ৩০জন লোক আহত হয়। তেওঁলোকক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয়। জানিব পৰা মতে ৫জন লোকৰ অৱস্থা অতি সংকট জনক।
বৰ্তমান গোটেই অঞ্চলটোত কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে।



Post a Comment