মহাকাশৰ মহাশক্তিত অান এক বিৰল কৃতিত্ব ভাৰতৰ
মহাকাশৰ মহাশক্তিত পুনৰ নিজ নাম অন্তৰ্ভুক্ত কৰিছে ভাৰতে। এই সফলতা লাভ কৰা ভাৰত হৈছে বিশ্বৰ চতুৰ্থখন দেশ। ভাৰতৰ কক্ষপথৰ পৰা এটা লাইভ ছেটেলাইট A-SAT অস্ত্ৰৰে ধ্বংস কৰিবলৈ সক্ষম হৈছে ভাৰতীয় বিজ্ঞানীয়ে। মিছন শক্তি এক কঠিন অভিযান আছিল। দেশবাসীক সম্বোধন কৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নিম্ন কক্ষপথত এই কৃত্ৰিম উপগ্ৰহক ভাৰতে ভূপতিত কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য মোদীৰ। মিছন শক্তিৰ এই অভূতপূৰ্ব সফলতাৰ দাবীদাৰ ভাৰতৰ মহাকাশ বিজ্ঞানীসকল। অত্যন্ত কঠিন এই মিছন শক্তি মাত্ৰ ৩ মিনিটৰ ভিতৰতে সফল হৈছে। ভাৰতৰ ওচৰত বৰ্তমান বহুকেইটা কৃত্ৰিম উপগ্ৰহ আছে যিসমূহে কৃষি, দুৰ্যোগ প্ৰশমন, যোগাযোগ, বতৰ আদিৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই আছে। আমাৰ এই অভিযানে কোনো চুক্তি উলংঘন কৰা নাই বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।


Post a Comment