এইবাৰ ওৰাঙত ঢেকীয়াপতীয়া বাঘৰ সন্ত্ৰাস

এইবাৰ ওৰাঙত ঢেকীয়াপতীয়া বাঘৰ সন্ত্ৰাস


বাঘৰ আতংকত এতিয়া গোটেই ৰাতি উজাই কটাইছে ওৰাং অঞ্চলৰ কেইবাখনো গাঁও । ওৰাঙৰ ভোগদল,পানবাৰীকে ধৰি বহুকেইখন গাঁৱত বিগত কেইবাদিন ধৰি ঢেকীয়াপতীয়া বাঘৰ সন্ত্ৰাস অব্যাহত আছে । বাঘটো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চললৈ কেইবাদিনৰ আগতে ওলাই অহাৰ সন্দেহ বন বিভাগৰ। কেইবাখনো গাঁৱৰ পশুধন নিধন কৰি সন্ত্ৰাস চলাই আছে কিছুদিন ধৰি ওৰাং অঞ্চলত । নিশা হ’লেই এতিয়া জুই জ্বলাই ফতাকা ফুটাই উজাই কতাব লগীয়া হৈছে গঞাঁ ৰাইজে । বন বিভাগৰ লোকেও বাঘটো পিঞ্জৰা বদ্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানো সফল হব পৰা নাই । যাৰ ফলত দিনে নিশাই এতিয়া সংকিত হৈ আছে বহুকেইখন গাঁৱৰ ৰাইজ।

0/Post a Comment/Comments

Stay Conneted

Boxed Version