চিৰিয়াখানাত হিংস্ৰ জন্তুৰ সৈতে চেল্ফি উঠিবলৈ গৈ মহিলা আহত
উইল্ডলাইফ ৱার্ল্ড জু নামে এখন চিৰিয়াখানাত হিংস্র প্রাণী জাগুৱাৰ সৈতে selfie তুলিবলৈ ৩০ বছৰ বয়সৰ এগৰাকী নাৰী আহত হৈছে ।এই ঘটনাটো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আৰিজ'না অঙ্গৰাজ্যৰ।মেট্রো ফায়াৰ ডিপাৰ্টমেন্টৰ মুখপাত্র চন গিলেলান্ডে মার্কিন সংবাদমাধ্যম ৱাশ্বিংটন পোষ্টক জানিবলৈ দিয়ামতে , নাৰীগৰাকী জাগুৱাৰ গৰালৰ কাষত চেল্ফি উঠিবলৈ গৈছিল আৰু তেতিয়াই পশুটোৱে আক্ৰমণ কৰে। পিছত নাৰীগৰাকীক উদ্ধাৰ কৰি লগে লগে হস্পিতেললৈ লৈ যোৱা হয়। বর্তমান নাৰীগৰাকী সুস্থ হৈ উঠিছে ।
চিৰিয়াখানাৰ মালিক ওলচনে কৈছে , ‘সাধাৰণ মানুহক একেবাৰে দূৰত ৰখাৰ বাবে কোনো উপাই নাই। সেয়ে মাজে মাজে এনে অপ্ৰিতীকৰ ঘটনা ঘটে। আমি সেয়ে যঠেষ্ট নিৰাপত্তাৰ ব্যবস্থা কৰিছো। কিন্তু মানুহে এই বেষ্টনী অতিক্ৰম কৰিলে সমস্যাত পৰিবই।


Post a Comment