পঞ্চায়ত আৰু গ্ৰামোন্নয়ত বিভাগত সংঘটিত নিযুক্তি কেলেংকাৰী, এইবাৰ মুখ খুলিল বিজেপিয়ে।




পঞ্চায়ত আৰু গ্ৰামোন্নয়ত বিভাগত সংঘটিত নিযুক্তি কেলেংকাৰী, এইবাৰ মুখ খুলিল বিজেপিয়ে।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ত বিভাগত সংঘটিত নিযুক্তি কেলেংকাৰীক লৈ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত মুখপাত্ৰ সুভাষ দত্তৰ সংবাদমেল৷ দুই এটা পৰীক্ষা কেন্দ্ৰতহে অনিয়ম হোৱা বুলি প্ৰকাশ পাইছে। স্বচ্ছতাৰে পৰীক্ষা পতাৰ বাবে ৰাজ্য চৰকাৰে চেষ্টা কৰিছিল৷ ১৮টা পৰীক্ষা কেন্দ্ৰৰ বাহিৰে সকলোতে স্বচ্ছতাৰে পৰীক্ষা হৈছে বুলি দাবী সুভাষ দত্তৰ। যিসকলে ইতিমধ্যে নিযুক্তি লাভ কৰিছে তেওঁলোকে যোগ্যতাৰ ভিত্তিত নিযুক্তি লাভ কৰিছে বুলি মন্তব্য। বিজেপিৰ কৰ্মকৰ্তাৰ সম্পৰ্কীয়সকলে যোগ্যতাৰ ভিত্তিত চাকৰি পাইছে। এইসকলৰ একাডেমীক কেৰিয়াৰ ভাল আছিল। অখিল গগৈয়ে ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰিছে বুলিও ক’লে দত্তই৷ নলবাৰী জিলাৰ সভাপতি বনদীপ ডেকাৰ পত্নী ভণিতা ডেকাৰ একাডেমীক কেৰিয়াৰ উন্নত আছিল বাবেই চাকৰি পাইছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত। বিজেপিৰ কাৰ্যকৰ্তাৰ ওপৰত মিছাতে দোষ দিয়াৰ অভিযোগ সুভাষ দত্তৰ।



0/Post a Comment/Comments

Stay Conneted

Boxed Version