অগপ আৰু বিজেপি ৰ পুনৰ মিত্ৰতা সন্দৰ্ভত অখিল গগৈ


অগপ আৰু বিজেপি ৰ পুনৰ মিত্ৰতা সন্দৰ্ভত অখিল গগৈ


অগপ আৰু সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰক। নিজস্বতা থকা আদৰ্শবাদী নেতাই বিজেপি গমনত বাধা দিয়ক, অন্যথা অগপ দলৰ পৰা আঁতৰি আহক। সংবাদমেলত এই মন্তব্য কৃষক নেতা অখিল গগৈৰ। যদি কোনোৱে বাধা নিদিয়ে তেন্তে গোটেই দলটোৱেই বিশ্বাসঘাতক। অগপই মুছলমান বিদেশীক আদৰিব খুজিছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল, বিদেশী অনা দলৰ সৈতে কিয় চামিল হ’ল মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ক বুলিও মন্তব্য অখিলৰ। ৰঞ্জিত দাসে কৈছিল মিত্ৰতা হ’লে নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰিব লাগিব। অগপ নেতৃত্বই কওক সমৰ্থন কৰিম বুলি লিখি দিলে নেকি? অসমৰ ৰাইজক উত্তৰ দিয়ক বিজেপি সভাপতিয়ে। যদি লিখি দিয়া নাই তেন্তে কিয় অগপৰে মিত্ৰতা কৰিলে? বিজেপি দলক যিয়ে ভোট দিয়ে তেওঁলোক বিশ্বাসঘাতক, অগপও বিশ্বাঘাতক দল বুলি মন্তব্য কৃষক নেতাজনৰ। বিজেপিয়ে কৈছিল স্বচ্ছতাই তেওঁলোকৰ নীতি, কিন্তু বিজেপিৰ দিনতেই এই ভয়াৱহ কেলেংকাৰী। লাখ লাখ শিক্ষিত নিৱনুৱাক প্ৰতাৰণা কৰিলে চৰকাৰে। বৰপেটাত একেটা পৰিয়ালৰ ৪জন মানুহে চাকৰি পাইছে। ঢকুৱাখনাত ২১জন বিজেপিৰ মানুহে চাকৰি পাইছে। অগপৰ সৰ্বোচ্চ পদবীধাৰীৰ ভাই-বোৱাৰীয়ে চাকৰি পাইছে। মিত্ৰতাৰ নাগপাশত আৱদ্ধ হোৱাৰ সময়ত নাম ক’ব বিচৰা নাই, কিন্তু অগপও পঞ্চায়তৰ নিযুক্তি কেলেংকাৰীত জড়িত।

0/Post a Comment/Comments

Stay Conneted

Boxed Version