অনুমান কৰা ধৰণেই মাছুদ আজহাৰৰ পক্ষত থিয় দিলে চীনে।


অনুমান কৰা ধৰণেই মাছুদ আজহাৰৰ পক্ষত থিয় দিলে চীনে।


জঈছ–ই–মহম্মদৰ মুৰব্বী মাছুদ আজহাৰক বৈশ্বিক সন্ত্ৰাসবাদী হিচাপে ঘোষণাৰ প্ৰস্তাৱত চীনৰ ভেটো। অনুমান কৰা ধৰণেই মাছুদ আজহাৰৰ পক্ষত থিয় দিলে চীনে। ভেটোৰ শক্তি ব্যৱহাৰ কৰি মাছুদ আজহাৰক বৈশ্বিক সন্ত্ৰাসবাদী হিচাপে ঘোষণাৰ পৰা ৰক্ষা কৰিলে চীনে। ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত ফ্ৰান্স, আমেৰিকা আৰু ব্ৰিটেইনৰ দৰে দেশে মাছুদ আজহাৰক বৈশ্বিক সন্ত্ৰাসবাদী হিচাপে ঘোষণাৰ প্ৰস্তাৱ ৰাখিছিল।


মাছুদ আজহাৰক বৈশ্বিক সন্ত্ৰাসবাদী হিচাপে ঘোষণাৰ প্ৰস্তাৱত চীনৰ ভেটোৰ পিছতে প্ৰতিক্ৰিয়া ভাৰতৰ। ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে কয় – চীনৰ এই কাৰ্য নিৰাশাজনক। কিন্তু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধ অব্যাহত থাকিব। ভাৰতত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত মাছুদ আজহাৰ জড়িত। মাছুদক 
বৈশ্বিক সন্ত্ৰাসবাদী ঘোষণা কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব ভাৰতে। ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত প্ৰস্তাৱ অনা আৰু সমৰ্থন জনোৱা দেশসমূহক ধন্যবাদ জ্ঞাপন কৰে ভাৰতে।

0/Post a Comment/Comments

Stay Conneted

Boxed Version