ছবিঘৰত অমিতাভ বচনৰ নতুন ছবি"বদলা"...
আমিৰ খানৰ "Thugs of Hindustan"ত অভিনয় কৰাৰ পিছতে অমিতাভ বচনৰ এই বৰ্ষৰ দ্বিতীয়খন ছবি মুক্তি পালে " বদলা"। "Pink" ছবিখনৰ পিছতে অমিতাভ বচন আৰু তাপসি পন্নুক পুনৰ বাৰ একেলগে বদলা ছবিখনত এজন উকিল আৰু তেওঁৰ clintৰ ৰূপত দেখা গৈছে।
ছবিখন শুভ মুক্তিৰ দিনাই ছবিখনৰ ছবিঘৰৰ পৰা 5.4 কোটি টকা উপাৰ্জন কৰে। আনহাতে বচনদেৱৰ "পিংক" আৰু "102 NOT OUT" ছবি দুখনতকৈ অধিক উপাৰ্জন কৰিছে এই ছবিখনে। পিংক ছবিখনৰ প্ৰথমদিনৰ উপাৰ্জন আছিল 4.32 কোটি আৰু 102 NOT OUT ছবিখনৰ উপাৰ্জন আছিল 3.52 কোটি ।
ছবিখনে দ্বিতীয়দিনা অৰ্থাৎ শনিবাৰে 8.55 কোটি আৰু ৰবিবাৰে 9.61 কোটি উপাৰ্জন কৰে। বৰ্তমানে ছবিখনৰ মুঠ উপাৰ্জন হৈছে 23.20 কোটি টকা। আনহাতে পিংক ছবিখনৰ মুঠ উপাৰ্জন আছিল 21.51 কোটি আৰু 102 not out ছবিখনৰ মুঠ উপাৰ্জন আছিল 16.65 কোটি টকা।
বদলা ছবিখনৰ লগতে ছবিঘৰত কেপ্তেইন মাৰভেল ছবিখনো মুক্তি লাভ কৰিছিল । বদলা আৰু কেপ্তেইন মাৰভেল ছবি দুখনৰ ধাৰণাৰ দৰে ছবিদুখন উপভোগ কৰা মানুহৰো বহুতো ফাঁক দেখিবলৈ পোৱা গল । কেপ্তেইন মাৰভেল ছবিখনে শুকুৰবাৰে 13.01 কোটি টকা আৰু শনিবাৰে 14.10 কোটি টকা উপাৰ্জন কৰে।
আনহাতে যোৱা সপ্তাহত ছবিঘৰলৈ অহা "লোকা চুপি" ছবিখনে এতিয়াও ছবিঘৰত খোপনি পাতি থকা দেখা গৈছে। নতুন ছবি ছবিঘৰলৈ অহাৰ পিছতো ছবিখনে দ্বিতীয় সপ্তাহত( শুকুৰবাৰে- 3.15 কোটি, শনিবাৰ- 5.20কোটি আৰু দেওবাৰে-5.31 কোটি টকা) মুঠ 13.66 কোটি টকা উপাৰ্জন কৰে । এতিয়া লোকা চুপি ছবিখনৰ সৰ্বমুঠ উপাৰ্জন হলগৈ 67.36 কোটি টকা।
22 ফেব্ৰুৱাৰীত মুক্তি পোৱা মাল্টি ষ্টাৰ কমেডি ছবি " Total Dhamal" ছবিখনে এতিয়ালৈকে সৰ্বমুঠ 141 কোটি টকা উপাৰ্জন কৰে । তদুপৰি এই বৰ্ষত মুক্তি পোৱা "Uri- the chargical strike" ছবিখনে আঠ সপ্তাহত 241কোটি টকা উপাৰ্জন কৰে।





Post a Comment